২৭ আগষ্টৰ পৰা বৰাকৰ তিনি জিলাত সম্পূৰ্ণ তলাবন্ধ

২৭ আগষ্টৰ পৰা বৰাকৰ তিনি জিলাত সম্পূৰ্ণ তলাবন্ধ

তিনিওখন জিলাৰ উপায়ুক্তসকলে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
Published on

ক'ৰ'না মহামাৰীজনিত পৰিস্থতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত বৰাকৰ তিনিওখন জিলাত অহা ২৭ আগষ্টৰ পৰা সম্পূৰ্ণ তলাবন্ধ বা লক-ডাউনৰ সিদ্ধান্ত লৈছে প্ৰশাসনে। প্ৰাপ্ত তথ্য অনুসৰি বৰাকৰ তিনি জিলা ক্ৰমে কাচাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত অহা ২৭ আগষ্টৰ সন্ধিয়া ৫ বজাৰ পৰা ৪ ছেপ্টেম্বৰৰ মাজনিশালৈ এই তলাবন্ধ বলবত থাকিব। তিনিওখন জিলাৰ উপায়ুক্তসকলে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে শেহতীয়াভাবে বৰাকত লক্ষণবিহীন ক'ৰ'না ৰোগীৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাইছে । ৰাজ্যৰ মুখ্য সচিবে জিলাসমূহৰ উপায়ুক্তসকলক লক-ডাউন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com