কাজিৰঙাৰ গঁড় চিকাৰত লিপ্ত তিনি চোৰাংচিকাৰী গ্ৰেপ্তাৰ

এটা এ কে-৪৭ ৰাইফল, এটা দুনলীয়া বন্দুক, দুটা এ কে-৫৬ৰাইফল আৰু গুলি জব্দ কৰে।
কাজিৰঙাৰ গঁড় চিকাৰত লিপ্ত তিনি চোৰাংচিকাৰী গ্ৰেপ্তাৰ

কাজিৰঙাৰ গঁড় চিকাৰত লিপ্তঃ তিনি চোৰাংচিকাৰী গ্ৰেপ্তাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰত জড়িত থকাৰ অভিযোগত কাৰ্বি আংলং আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে আৰক্ষীয়ে জিলাখনৰ দলামৰাৰ পৰা এই অভিযুক্ত চোৰাংচিকাৰীকেইজনক অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে। অভিযুক্তকেইজনৰ পৰা আৰক্ষীয়ে এটা এ কে-৪৭ ৰাইফল, এটা দুনলীয়া বন্দুক, দুটা এ কে-৫৬ৰাইফল আৰু গুলি জব্দ কৰে। ধৃতকেইজনক মণিপুৰৰ ডেভিড ছিয়ামা ওৰফে ছাম্বই, নগাঁৱৰ বিকী থাপা আৰু ছাইমন লকৰা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, যোৱা ২১ মে'ত এজন লোকে আৰক্ষীক গোচৰ দিয়ে যে এটা সশস্ত্ৰ দলে দলামাৰা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত প্ৰৱেশ কৰি নিৰীহ লোকক বন্দকেৰে মাৰধৰ তথা আতিশয্য চলাবলৈ ধৰে। পাছত যোৱা ২৭ মে'ত দলটোৱে পুনৰ সেই স্থানলৈ গৈ লুট-পাত চলায়। ইতিমধ্যে জেৰাত ধৃতকেইজনে কাজিৰঙাত গঁড় চিকাৰত লিপ্ত থকাৰ কথা প্ৰকাশ কৰিছে। ইয়াৰে শেষৰটো গঁড় হত্যাক লৈ বোকাখাত আৰক্ষী থানাত ১৩১/২০২০ নম্বৰত গোচৰ ৰুজু লৈ আছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com