মিজোৰামত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

মিজোৰামত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

মিজোৰামত ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি

মিজোৰামত নতুন তিনিগৰাকী মহিলাৰ শৰীৰত ধৰা পৰিছে ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। এই মহিলা কেইগৰাকী লুংগ্লেই , মামিত, আৰু চেইটুৱেলৰ বাসিন্দা । তেওঁলোক মিজোৰামৰ বাহিৰৰ পৰা অহা । ইয়াৰ ফলত মিজোৰামত মুঠ ক'ৰ'না আক্ৰান্ত লোকৰ সংখ্যা ১৭ জন হৈছে ।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰমথংগাই টুইটাৰৰ জৰিয়তে জনায় যে ৰাজ চৰকাৰ খনে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকা সকলোকে সুৰক্ষা প্ৰদান কৰাটো নিশ্চিত । এয়া আমি একেলগে যুঁজ দিয়াৰ সময় বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলত ক'ৰ'না ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে। অসমত ক'ৱিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ১৮৭৭ জন । ইয়াৰে সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৪৫৭ জন আৰু মৃত্যুবৰণ কৰে ৪ জনে ।

তদুপৰি নগালেণ্ডতো বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা। আজি নগালেণ্ডত নতুনকৈ ২২ জনৰ দেহত ধৰা পৰে ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। এই লোকসকল চেন্নাইৰ পৰা অহা ।ইয়াৰ ফলত নগালেণ্ডত মুঠ আক্ৰান্ত ব্যক্তিৰ সংখ্যা হয়গৈ ৮০ জন । নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰযোগে এই কথা সদৰী কৰে ।

নগালেণ্ডত বৃদ্ধি হোৱা ক'ৱিড-১৯ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ১ জুনত ডিমাপুৰৰ টুৰিষ্ট লজক ক'ৱিড-১৯ চিকিৎসালয়লৈ পৰিবৰ্তন কৰা হয় ।‌বৰ্তমানে ডিমাপুৰত ক'ৱিড-১৯ ৰোগীৰ বাবে ডিমাপুৰ জিলা চিকিৎসালয় আৰু টুৰিষ্ট লজ আছে ।

ইয়াৰ মাজতে ডিমপুৰৰ জিলা উপায়ুক্তই এক নিৰ্দেশনা জাৰি কৰে যে ভাৰতৰ কোনো স্থানৰ পৰা অহা লোকক গাঁৱত প্ৰৱেশ কৰাত বাধা দিব‌ নোৱাৰে গাঁৱৰ মুখীয়াল ব্যক্তিয়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com