ক'ৰ'নাত আক্ৰান্ত অসম আৰক্ষীৰ বিষয়া-কনিষ্টবলৰ সংখ্যা ৩০৮লৈ বৃদ্ধি

অসম আৰক্ষীৰ ৩০৮গৰাকী বিষয়া-কনিষ্টবল ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ৬৮গৰাকী আৰোগ্য হৈছে।
ক'ৰ'নাত আক্ৰান্ত অসম আৰক্ষীৰ বিষয়া-কনিষ্টবলৰ সংখ্যা ৩০৮লৈ বৃদ্ধি

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্ত অসম আৰক্ষীৰ বিষয়া-কনিষ্টবলৰ সংখ্যা ৩০৮লৈ বৃদ্ধি পাইছে। ইয়াৰে ৬৮গৰাকী আৰোগ্য হৈছে। কিছু সময় পূৰ্বে এই তথ্য প্ৰকাশ কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান(আইন-শৃংখলা)জি পি সিঙে। এটা টুইটত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বিগত কিছু সপ্তাহত অসম আৰক্ষীৰ ৩০৮গৰাকী বিষয়া-কনিষ্টবল ক'ৰ'নাত আক্ৰান্ত হৈছে। ইয়াৰে ৬৮গৰাকী আৰোগ্য হৈছে। আনহাতে, কালি এখন সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান (ডি জি পি)ভাস্কৰজ্যোতি মহন্তই কয় যে আৰক্ষীৰ বহুসংখ্যক লোক ক'ৰ'নাত আক্ৰান্ত হোৱা সত্বেও অসম আৰক্ষীয়ে সেৱা আগবঢ়াই যাব। সম্প্ৰতি ৰাজ্যত মুঠ ক'ৰ'নাত আক্ৰান্তৰ সংখ্যা ১২ হেজাৰৰ ওপৰলৈ গৈছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com