বিগত বৰ্ষৰ ৰাজ্যিক বাজেটৰ অব্যৱহৃত হৈ ৰ'ল ৩২.৩০শতাংশ ধন

ধন অব্যবহৃত হৈ ৰোৱাৰ ক্ষেত্ৰত অতি শোচনীয় ঘটনা সংঘটিত হৈছিল ২০১৫-১৬ৰ বাজেটৰ ক্ষেত্ৰত ৷ ৪৪শতাংশ ধন অব্যৱহৃত হৈ ৰয় ৷
বিগত বৰ্ষৰ ৰাজ্যিক বাজেটৰ অব্যৱহৃত হৈ ৰ'ল ৩২.৩০শতাংশ ধন

বিগত বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটৰ ৩২.৩০শতাংশ ধন অব্যৱহৃত হৈ ৰ'ল ৷ ২০১৯-২০বিত্তীয় বৰ্ষৰ বাজেটৰ এই ধন অপব্যহৃত হৈ ৰোৱাৰ তথ্য মঙলবাৰে বিধানসভাত প্ৰকাশ পায় ৷ বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াৰ এটা প্ৰশ্নৰ উত্তৰ দি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২৯-২০বিত্তীয় বৰ্ষৰ বাজেটৰ ৩২.৩০শতাংশ ধন অব্যৱহৃত হৈ থাকিল ৷

অৱশ্যে ৰাজ্যিক বাজেটৰ ধন অব্যবহৃত হৈ ৰোৱাৰ ক্ষেত্ৰত অতি শোচনীয় ঘটনা সংঘটিত হৈছিল ২০১৫-১৬ৰ বাজেটৰ ক্ষেত্ৰত ৷ উক্ত বছৰৰ বাজেটৰ ৪৪শতাংশ ধন অব্যৱহৃত হৈ ৰয় ৷ বিত্ত মন্ত্ৰী শৰ্মাই কয় যে ২০১৯-২০বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেটত ১, ১৯, ৭২০কোটি টকা ধাৰ্য কৰা হৈছিল। ইয়াৰে ৮২, ০৮৮ কোটি টকা ব্যয় হয় ৷ শতকৰা হিচাপত ব্যয়ৰ পৰিমাণ ৬৭.৭ শতাংশ ৷ অব্যৱহৃত হৈ ৰোৱা ধনৰ পৰিমাণ ৩২.৩০শতাংশ ৷

মন্ত্ৰী শৰ্মাৰ মতে, তিনিটা বিভাগে উক্ত বছৰ বাজেট ধাৰ্য ধনৰ পৰা কোনো ব্যয় নকৰিলে ৷ এই বিভাগকেইটা হৈছে সংসদীয় পৰিক্ৰমা (৪ কোটি টকা), পাৰপত্ৰ বিভাগ (২ কোটি টকা)আৰু ৰাজহুৱা উদ্যোগ-প্ৰতিষ্ঠান বিভাগ(২ কোটি টকা)৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com