১৫ ক'ৱিড-১৯ পজিটিভৰ সংস্পৰ্শলৈ আহিছিল, গুৱাহাটীত ৩৪০টা স্বাব সংগ্ৰহ

ইতিমধ্যে চৰকাৰে মোবাইল কোম্পানীসমূহৰ সৈতে যোগাযোগ কৰিছে
১৫ ক'ৱিড-১৯ পজিটিভৰ সংস্পৰ্শলৈ আহিছিল, গুৱাহাটীত ৩৪০টা স্বাব সংগ্ৰহ
Published on: 

১৫ ক'ৱিড-১৯ পজিটিভৰ সংস্পৰ্শলৈ আহিছিল, গুৱাহাটীত ৩৪০টা স্বাব সংগ্ৰহ

গুৱাহাটীত চিনাক্ত হোৱা ১৫জন ক'ৱিড-১৯আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকৰ ৩৪০টা স্বাব পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীজনে বহস্পতিবাৰে নিশা এখন সংবাদমেলত কয় যে যদি এই স্বাবসমূহৰ পৰীক্ষাত বহু লোকৰ শৰীৰত ক'ৱিড-১৯ ধৰা পৰে তেন্তে সেই অঞ্চলৰ বহু লোকৰ স্বাস্থ্য পৰীতক্ষাৰ কথা চিন্তা কৰা হব। ইতিমধ্যে চৰকাৰে মোবাইল কোম্পানীসমূহৰ সৈতে যোগাযোগ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, " ইয়াৰ জৰিয়তে সেই অঞ্চলত কোন কোন লোকে ঘূৰা-পকা কৰিছিল, সেয়া নিশ্চিত কৰা হব"। মন্ত্ৰীজনে লগতে সেই অঞ্চলৰ লোকসকলক প্ৰয়োজনত তাত্ক্ষণিকভাবে চৰকাৰৰ সহায় বিচাৰিবলৈ আহ্বান জনায়। " কোনো লোকে নিজৰ শৰীৰত ক'ৱিড-১৯ৰ লক্ষণ দেখা পায় তেন্তে ১০৪লৈ ফোন কৰক" । মন্ত্ৰীজনে এইদৰে কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com