গলৱান কাণ্ডঃ ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত ৩৫জন চীনা সেনা হতাহত

চীনা পক্ষৰ হতাহত ৩৫ জনৰ মাজত বহুকেইজন নিহত আৰু গুৰুতৰভাবে আঘাতপ্ৰাপ্তও আছে
গলৱান কাণ্ডঃ ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত ৩৫জন চীনা সেনা হতাহত
Published on

মঙলবাৰে লাডাখৰ গলৱানত ভাৰতীয় সেনাৰে হোৱা হিংসাত্মক সংঘাতত চীনৰ কমেও ৩৫ জন সেনা হতাহত হয়। হতাহতসকলৰ মাজত প্ৰাণ হেৰওৱা বহুকেইজনো আছে। বুধবাৰে এই কথা সদৰী কৰে চৰকাৰী সূত্ৰই। মাৰ্কিন চোৰাংচোৱাৰ উদ্ধৃতি দি চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি কয় যে চীনা পক্ষৰ হতাহত ৩৫ জনৰ মাজত বহুকেইজন নিহত আৰু গুৰুতৰভাবে আঘাতপ্ৰাপ্তও আছে। এনেদৰে মুঠ ৩৫জন হতাহত হয়। উল্লেখ্য যে মঙলবাৰে চীনা সেনাৰ অতৰ্কিত শিলবৰ্ষণ আৰু লাঠিৰে কৰা আক্ৰমণত ভাৰতীয় সেনাৰ বিষয়া-জোৱানসহ ২০জনৰ প্ৰাণহানি ঘটে। দেশমাতৃক ৰক্ষাৰ্থে শ্বহীদবৰণ কৰা এই ২০ ভাৰতীয় সেনাৰ মাজত এজন কৰ্ণেলো আছে।উল্লেখ্য যে ৪৫বছৰ তথা ১৯৬২ৰ পাছত চীন-ভাৰতৰ সেনা এনেদৰে মুকলি সংঘাতত লিপ্ত হয়। এক সূত্ৰৰ মতে, ১০-১২ ঘণ্টা ধৰি দুয়োপক্ষৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থাকে।

আনহাতে, চীনা সেনাৰ হাতত ভাৰতীয় সেনাই প্ৰাণ হেৰুওৱা ঘটনাত দুখ প্ৰকাশ কৰি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা টুইটত কয়, " গলৱানত আমাৰ সেনাই প্ৰাণ হেৰুওৱাৰ ঘটনা অতি পীড়াদায়ক ঘটনা। আমাৰ সৈন্যসকলে কৰ্তব্য সম্পাদনত দৃষ্টান্তমূলক সাহস প্ৰদৰ্শন কৰিলে। ৰাষ্ট্ৰই তেওঁলোকৰ সাহস আৰু চৰম ত্যাগৰ কথা কেতিয়াও নাপাহৰে। মই তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমবেদনা জনালো। আমাৰ সেনা-বাহিনীৰ কাষত দেশবাসী থিয় দিছে। ভাৰত মাতৃৰ এই সন্তানসকলৰ সাহসক লৈ আমি গৰ্বিত"।

উল্লেখ্য যে শেহতীয়াভাবে চীন-ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটিছে। এই অৱনতি ঘটা সম্পৰ্ক পুনৰ সৌহাৰ্দ্যপূৰ্ণ কৰাৰ কূটনৈতিক চেষ্টা অব্যাহত থকাৰ সময়তে চীনা সেনাই এনেদৰে লাডাখ সীমান্তত ভাৰতীয় সেনাক আক্ৰমণ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com