সুখবৰঃ অসমত আৰু ৩৮ ক'ৱিড-১৯ আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

ফলত হাস্পতালৰ পৰা যাবলৈ দিয়া তথা সুস্থ হোৱা কৰনা আক্ৰান্তৰ সংখ্যা ৫৪৭জনলৈ বৃদ্ধি পাইছে।
সুখবৰঃ অসমত আৰু ৩৮ ক'ৱিড-১৯ আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি
Published on

সুখবৰঃ অসমত আৰু ৩৮ ক'ৱিড-১৯ আক্ৰান্তক হাস্পতালৰ পৰা অব্যাহতি

ক'ৱিড-১৯ মহামাৰীক লৈ আতংকিত জনতাৰ বাবে আৰু এক সুখবৰ! ৰাজ্যত আৰু ৩৮ জন ক'ৱিড-১৯ মহামাৰী আক্ৰান্ত সুস্থ হোৱাত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এই কথা সদৰী কৰি শনিবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৩৮ ক'ৱিড-১৯ আক্ৰান্তৰ ২৩জনক গুৱাহাটীৰ কালাপাহাৰৰ কৰনা চিকিত্সা ব্যৱস্থাৰ পৰা, ১০ জনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, ৩ জনক শিলচৰ মেডিকেল কলেজৰ পৰা আৰু ২জনক ডিফু মেডিকেল কলেজ হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে। ফলত হাস্পতালৰ পৰা যাবলৈ দিয়া তথা সুস্থ হোৱা কৰনা আক্ৰান্তৰ সংখ্যা ৫৪৭জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com