অসমত সুস্থ হ'ল আৰু ৩৯জন ক'ৱিড-১৯ মহামাৰী আক্ৰান্তঃ চিকিত্সালয়ৰ পৰা অব্যাহতি

ফলত ৰাজ্যত সুস্থ হোৱা ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৯৮জনলৈ বৃদ্ধি পাইছে।
অসমত সুস্থ হ'ল আৰু ৩৯জন ক'ৱিড-১৯ মহামাৰী আক্ৰান্তঃ চিকিত্সালয়ৰ পৰা অব্যাহতি

অসমত সুস্থ হ'ল আৰু ৩৯জন ক'ৱিড-১৯ মহামাৰী আক্ৰান্তঃ চিকিত্সালয়ৰ পৰা অব্যাহতি

ক'ৱিড-১৯ মহামাৰীক লৈ আতংকিত জনতাৰ বাবে এক সুখবৰ! ৰাজ্যত আৰু ৩৯জন ক'ৱিড-১৯ মহামাৰী আক্ৰান্ত সুস্থ হোৱাত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এই কথা সদৰী কৰি আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৩৯ ক'ৱিড-১৯ আক্ৰান্তৰ ১৩জনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল, ১১জনক তেজপুৰ মেডিকেল কলেজ হাস্পতাল, ৬জনক গোলাঘাট আলী আহমেদ মেডিকেল কলেজ হাস্পতাল, ৭ জনক ডিমা হাছাও অসামৰিক হাস্পতাল, ৪জনক গুৱাহাটী মেডিকেল কলেজ হাস্পতা, ৫জনক যোৰহাট মেডিকেল কলেজ হাস্পতাল আৰু ৩জনক অসম মেডিকেল কলেজ হাস্পতাল আৰু এজনক শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা অব্যাহতি দিয়া হয়।  ফলত ৰাজ্যত সুস্থ হোৱা ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৯৮জনলৈ বৃদ্ধি পাইছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com