ৰাজ্যজুৰি ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্তৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধ পোৱাৰ সময়তে গুৱাহাটীৰ এটা পৰিয়ালৰে চাৰিজন সদস্যৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি মহানগৰীৰ ধীৰেনপাৰাৰ কে বি ৰোডৰ নিবাসী এটা পৰিয়ালৰ চাৰিজন সদস্যৰ শৰীৰত এই অতি সংক্ৰামক ভাইৰাছ ধৰা পৰিছে ৷ উল্লেখ্য যে ইয়াৰ আগলৈকে এনেদৰে একেটা পৰিয়ালৰ এনে সংখ্যক সদস্য ক'ৰ'নাত আক্ৰান্ত হোৱাৰ নজিৰ নাই ৷ অৱশ্যে ধীৰেনপাৰা অঞ্চলৰ বহুকেইজন লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷ একেদৰে কামৰূপো ৰাজ্যৰ ক'ৰ'না ভাইৰাছৰ অভিকেন্দ্ৰত পৰিণত হোৱাৰ লেখীয়া ঘটনা সংঘটিত হৈছে ৷ আনকি গুৱাহাটীত এই ভাইৰাছৰ গোষ্ঠী সংক্ৰমণ (কম্যুনিটী ট্ৰান্সমিছন) ঘটা বুলিও সন্দেহ কৰা হৈছে ৷ কাৰণ কোনো ভ্ৰমণ ইতিহাস নথকা বহুকেইজন লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷
এনেদৰে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন বা মণ্ডলৰূপে ঘোষণা কৰিছে ৷ যোৱা ২০জুনলৈকে কামৰূপ মহানগৰ জিলাত এনে কণ্টেইমেণ্ট জ'নৰ সংখ্যা ১৪১টা হয় ৷ আনকি ২০জুনৰ দিনটোতে প্ৰশাসনে ২৩টা স্থানক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে ৷