অধিক বানৰ আশংকাঃ ৰাজ্যত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰসহ চাৰিখন নৈ

এই বানত নলবাৰী, যোৰহাট, ধেমাজি আৰু বৰপেটাৰ ১, ৭৩৩ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে ৷
অধিক বানৰ আশংকাঃ ৰাজ্যত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰসহ চাৰিখন নৈ

ৰাজ্যত অধিক বানৰ আশংকা প্ৰকট হৈছে ৷ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা ব্ৰহ্মপুত্ৰসহ চাৰিখন নৈ বিপদসীমাৰ ওপৰেৰে বৈছে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ আৰু শিৱসাগৰৰ নঙলামুৰাঘাটত দিছাং নৈ বিপদ সীমাৰ ওপৰেৰে প্ৰৱাহিত হৈ আছে ৷ আনহাতে, নুমলীগড়ত ধনশিৰি আৰু শোণিতপুৰ জিলাৰ এন টি ক্ৰছিঙত জীয়া ভৰলী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি সাম্প্ৰতিক বানত ৰাজ্যৰ ৫খন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, নলবাৰী, বৰপেটা আৰু যোৰহাটৰ ১৩, ১৯৭জন লোক আক্ৰান্ত হৈছে ৷

এই বানত নলবাৰী, যোৰহাট, ধেমাজি আৰু বৰপেটাৰ ১, ৭৩৩ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে ৷ ইপিনে, ধেমাজি জিলাৰ ৫১জন বানাক্ৰান্তই অস্থায়ী শিবিৰত আশ্ৰয় লৈছে ৷ এই বান তথা নেৰানেপেৰা বৰষুণত বানাক্ৰান্ত অঞ্চলসমূহত আন্তঃগাঁথনিৰো ক্ষতিসাধন হৈছে ৷ ধাৰাষাৰ বৰষুণৰ বাবে মাজুলীত পথ যোগাযোগত ব্যাঘ্যাত জন্মিছে ৷ আনহাতে, ডিব্ৰুগড়ত খহনীয়া আৰম্ভ হয় ৷ খহনীয়া আক্ৰান্তসকলৰ বাবে এটা অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ এই আশ্ৰয় শিবিৰত ১০জন লোক ভৰ্তি হৈছে ৷ শিৱসাগৰতো খহনীয়াত ১৬জন লোক আক্ৰান্ত হৈছে ৷ আনহাতে, খহনীয়া আক্ৰান্তক সহায়ৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি প্ৰশাসন আৰু জলসম্পদ বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com