অসমত আৰু এগৰাকী ক'ৱিড-১৯ আক্ৰান্তৰ মৃত্যু

তেওঁৰ মৃত্যুত স্বাস্থ্য মন্ত্ৰী শৰ্মাই শোকপ্ৰকাশ কৰিছে। মত্যুৰ সময়ত আচাৰ্জীৰ বয়স হৈছিল ৪০বছৰ।
অসমত আৰু এগৰাকী ক'ৱিড-১৯ আক্ৰান্তৰ মৃত্যু
Published on: 

অসমত আৰু এগৰাকী ক'ৱিড-১৯ মহামাৰী আক্ৰান্তৰ মৃত্যু হ'ল। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি শান্তা আচাৰ্জী নামৰ এগৰাকী ক'ৱিড-১৯ আক্ৰান্তৰ আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়। আচাৰ্জী নিউমোনিয়া আৰু মধুমেহ (ডায়েবেটিচ-২)-ত আক্ৰান্ত আছিল বুলি স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।তেওঁৰ মৃত্যুত স্বাস্থ্য মন্ত্ৰী শৰ্মাই শোকপ্ৰকাশ কৰিছে। মত্যুৰ সময়ত আচাৰ্জীৰ বয়স হৈছিল ৪০বছৰ। ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে ভাৰতীয় চিকিত্সা পৰিষদ(আই চি এম আৰ)-ৰ নিৰ্দেশনা অনুসৰি মৃত্যুৰ পৰীক্ষক বোৰ্ডে এজন ব্যক্তিৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল, সেয়া নিৰ্ণয় কৰিব। আনহাতে, আজি অসমত মুঠ ক'ৱিড-১৯ আক্ৰান্তৰ সংখ্যা ১৫,৫৩৬লৈ বৃদ্ধি পায়।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com