ক'ৰ'না মহামাৰীঃ শীঘ্ৰে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত মুকলি হ'ব হাস্পতাল

শীঘ্ৰেই এই হাস্পতাল ৰোগীক চিকিত্সাৰ বাবে মুকলি কৰা হ’ব।
ক'ৰ'না মহামাৰীঃ শীঘ্ৰে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত মুকলি হ'ব হাস্পতাল

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ অতি উদ্বেগজনকভাবে বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত ৰাজ্য চৰকাৰে ক'ৱিড-১৯ মহামাৰীত আক্ৰান্তৰ চিকিত্সাৰ বাবে এখন হাস্পাতাল স্থাপন কৰিছে। এই হাস্পতাল ৪৫০খন বিছনাযুক্ত। বুধবাৰে এই হাস্পতাল পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত এই কথা প্ৰকাশ কৰি মন্ত্ৰী শৰ্মাই কয়," ক'ৰ'না ৰোগীৰ চিকিত্সাৰ বাবে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আমি এখন ৪৫০ বিছনাযুক্ত হাস্পতাল স্থাপন কৰিছো। শীঘ্ৰেই এই হাস্পতাল ৰোগীক চিকিত্সাৰ বাবে মুকলি কৰা হ'ব। আজি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে মই কাৰ্যস্থলী পৰিদৰ্শন কৰো"।

আনহাতে, খানাপাৰাতো ৰাজ্য চৰকাৰে ক'ৰ'না ৰোগীৰ চিকিতসাৰ বাবে এখন চিকিত্সালয় স্থাপনৰ কাম কৰি আছে। এই নিৰ্মীয়মান হাস্পতাল ৮০০বিছনাযুক্ত হ'ব। তদুপৰি ৰাজ্য চৰকাৰে ক'ৰ'না ৰোগীৰ চিকিত্সাৰ বাবে মিৰ্জাৰ পটঞ্জলী যোগপীঠত এখন ৩০০বিছনাযুক্ত হাস্পতাল মুকলি কৰিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com