ৰাজ্যৰ ৫ খন কলেজে পাব বিশ্ববিদ্যালয়ৰ মৰ্যাদাঃ মুখ্যমন্ত্ৰী শৰ্মা

এই কলেজকেইখন হৈছে লখিমপুৰ, যোৰহাটৰ জে বি কলেজ, গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়
ৰাজ্যৰ ৫ খন কলেজে পাব বিশ্ববিদ্যালয়ৰ মৰ্যাদাঃ মুখ্যমন্ত্ৰী শৰ্মা

ৰাজ্যৰ পাঁচখন মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ৰ মৰ্যাদা পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই মহাবিদ্যালয়কেইখন হৈছে লখিমপুৰ মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয় ৷ আজি মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলনত ভাষণ দি এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, " আমি আমাৰ স্বতন্ত্ৰ শিক্ষা প্ৰতিষ্ঠান ক্ৰমে লখিমপুৰ কলেজ, যোৰহাটৰ জে বি কলেজ, নগাওঁ কলেজৰ লগতে শিৱসাগৰ কলেজ আৰু গুৱাহাটীৰ সন্দিকৈ কলেজক বিশ্বিদ্যালয়ৰ মৰ্যাদা দিয়াৰ বাবে বাছনি কৰিছো । আগন্তক দুবছৰত এই কলেজসমূহক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হব।"

এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুও উপস্থিত থাকে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com