অসমত আৰু ৫জন ক'ৰ'না আক্ৰান্তৰ মৃত্যু

ফলত ৰাজ্যত ক’ৰ’নাত মৃতৰ সংখ্যা ২১ জন হৈছে।
অসমত আৰু ৫জন ক'ৰ'না আক্ৰান্তৰ মৃত্যু

অসমত আৰু ৫জন ক'ৰ'না মহামাৰী আক্ৰান্ত মৃত্যুমুখত পৰিছে। ইয়াৰে চাৰিজনৰ আজি নিচেই পুৱা আৰু পুৱতি নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়। এই চাৰি মৃত ব্যক্তি হৈছে গুৱাহাটীৰ হেদায়েতপুৰৰ ছফিকুল ৰহমান(৬০), পাটাচাৰকুচিৰ ৰমণী মজুমদাৰ(৬০), কাহিলিপাৰাৰ উত্পল কুমাৰ চলিহা(৭৫) আৰু লালগণেশৰ হৰিপ্ৰসাদ মণ্ডল(৬৮)। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আটাইকেইজন ভেণ্টিলেচনত আছিল। তেওঁলোক গুৰুতৰ নিউমোনিয়া, উৰোছেপছিছ আৰু ছেপ্টিক শ্বকত আক্ৰান্ত আছিল। পঞ্চমজন ব্যক্তিৰ তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে সাত জুলাইত ওদালগুৰিৰ মাজবাটৰ জিতেন্দ্ৰ প্ৰসাদ (৩০)ক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়। তেৱোঁ ক'ৱিড-১৯ত প্ৰাণ হেৰুৱালে।

আটাইকেইজনৰ মৃত্যুত স্বাস্থ্য মন্ত্ৰী শৰ্মাই শোকপ্ৰকাশ কৰিছে আৰু মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। আনহাতে, কামৰূপৰ দেৱী কাকতি নামৰ এগৰাকী মহিলাৰো ক'ৰ'নাত মৃত্যু হৈছে। ফলত ৰাজ্যত ক'ৰ'নাত মৃতৰ সংখ্যা ২১ জন হৈছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com