

ৰাজ্যত ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিক লৈ এক পূৰ্বাণুমান প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা টেলিভিচন চেনেলৰে হোৱা এক সাক্ষাতকাৰত মন্ত্ৰী শৰ্মাই এক পূৰ্বাণুমান কৰি কয় যে ৰাজ্যৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটাৰ সম্ভাৱনা আছে। বিশেষকৈ গুৱাহাটীৰ পৰিস্থিতিৰ অধিক জটিল হোৱাৰ আশংকা কৰি তেওঁ কয় যে অহা ১ আগষ্টৰ পৰা গুৱাহাটীত নিতৌ সাতশৰ পৰা এহেজাৰজন লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ ক'ৰ'না মহামাৰীজনিত অৱস্থাক স্থিতিস্থাপক আখ্যা দি স্বাস্থ্য মন্ত্ৰী শৰ্মাই পুনৰ কয় যে অহা আগষ্টত ক'ৰ'না ভাইৰাছে চূড়াত অৱগাহন কৰিব আৰু তেতিয়া বহু লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।
" যিহেতু গুৱাহাটীত অহা ১ আগষ্টৰ পৰা নিতৌ সাতশৰ পৰা এহেজাৰ লোক ক'ৰ'নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। যিহেতু এইসকল লোক ১০ দিনৰ বাবে চিকিত্সাধীন হব লাগিব। গতিকে আমি এইসকল ৰোগীক ৰাখিব পৰাকৈ হাস্পতাল, নাৰ্ছিংহোম, কৱিড কেয়াৰ কেন্দ্ৰ আদিত ৭,৫০০ৰ পৰা ১০হেজাৰ বিচনাৰ ব্যৱস্থা কৰিব লাগিব', তেওঁ এইদৰে কয়। শৰ্মাই লগতে কয় যে অহা ১৫ আগষ্টত এবাৰ আৰু তাৰ পাছত ১ ছেপ্টেম্বৰত আৰু এবাৰ ক'ৰ'না সম্পৰ্কে পূৰ্বাণিমান কৰা হ'ব। তেওং পুনৰ কয় যে ক'ৰ'নাত আক্ৰান্ত হবলগাসকলৰ ৮ শতাংশৰ অৱস্থা গুৰুতৰ হব। ইয়াৰ পৰিপ্ৰেক্ষিতত জটিল ৰোগীক চিকিত্সা প্ৰদান কৰিব পৰা আঠশ বিছনা লাগিব। আনহাতে, আগন্তক ১০ দিনৰ ভিতৰত ৪০০ আই চি ইউৰ বিছনাৰ ব্যৱস্থা কৰা হব বুলি তেওঁ সদৰী কৰে।
আৰু পঢ়িব পাৰেঃ বাঘজানৰ অগ্নিকাণ্ডস্থলীত বিস্ফোৰণঃ ৩ বিদেশী বিশেষজ্ঞ আহত