মেঘালয়ত আৰু ৬ জন ক'ৱিড-১৯আক্ৰান্ত চিনাক্তঃ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৪লৈ বৃদ্ধি

মেঘালয়ত আৰু ৬ জন ক'ৱিড-১৯আক্ৰান্ত চিনাক্তঃ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৪লৈ বৃদ্ধি

মেঘালয়ত আৰু ৬ জন ক'ৱিড-১৯আক্ৰান্ত চিনাক্তঃ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১৪লৈ বৃদ্ধি

অসমত দিনকদিনে বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্ত ব্যক্তিৰ সংখ্যা। লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো বৃদ্ধি পাইছে ক'ৰ'না মহামাৰীত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। শুকুৰবাৰে মেঘালয়ত নতুনকৈ ৬ জন ব্যক্তিৰ দেহত ধৰা পৰে ক'ৰ'নাৰ অৱস্থিতি। ফলত ৰাজ্যখনত মুঠ ক'ৰ'না সক্ৰিয় আক্ৰান্ত ব্যক্তিৰ সংখ্যা হয়গৈ ১৪ জন ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘোষণা কৰা অনুসৰি নতুনকৈ আক্ৰান্ত হোৱা ছয়জনৰ তিনিজন ব্যক্তি ছাউথ ৱেষ্ট গাৰো হিলছৰ , এজন ইষ্ট খাছী হিলছ, এজন ৱেষ্ট গাৰো হিলছৰ আৰু এজন ৱেষ্ট খাচী হিলছৰ ।

টুইটাৰযোগে চাংমাই এই কথা সদৰী কৰে ।‌ তেওঁ জনোৱা অনুসৰি এই লোক কেইজন মহাৰাষ্ট্ৰ, বেংগলোৰ, পশ্চিমবংগ, আৰু চেন্নাইৰ পৰা আহি ৰাজ্যত উপস্থিত হয়। এই সকললোকক বৰ্তমান পৃথকীকৰণ কেন্দ্ৰত ৰখা হৈছে ।

উল্লেখযোগ্য যে মেঘালয়ত‌ মুঠ কোৰোনা আক্ৰান্ত ব্যক্তিৰ সংখ্যা ২১ জন । ইয়াৰে ১২ জন লোক সুস্থ হৈ উঠাৰ লগতে এজনৰ মৃত্যু হয় ।

ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টোন টিনচঙে জনোৱা অনুসৰি, শুকুৰবাৰলৈ ৰাজ্যখনৰ ৭,৩৪০ জন ব্যক্তিৰ কোৰনাৰ ভাইৰাছৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে। ইয়াৰে ৬,৮৯৯ জন‌ লোকৰ পৰীক্ষা নিগেটিভ অহাৰ লগতে ৪২০ জনৰ ফলাফল আহিব এতিয়াও বাকী আছে।

উপ- মুখ্যমন্ত্ৰীয়ে জনাই যে ৰাজ্যৰ আবদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰী আৰু ব্যক্তিৰ সংখ্যা ১০,৬৫৫ জন ।

লগতে তেওঁ জনায় যে ৩০ মে'ত বিশেষ ট্ৰেইনৰ দ্বাৰা কেৰেলাৰ পৰা ৩৫২ জন লোক আহি ৰাজ্যত উপস্থিত হ'ব । তদুপৰি শুকুৰবাৰে ১৭৪ জন যাত্ৰীৰ সহায়ত দিল্লীৰ পৰা বিশেষ ট্ৰেইন যোগে গুৱাহাটী ৰেলৱে ষ্টেচনলৈ লোক অনা হয় । লগতে ৩১ মে'ত গোৱাৰ পৰা বিশেষ ট্ৰেইন আহিব য'ত থাকিব ৯৯ জন‌‌ যাত্ৰী ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com