আৰু ছজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১২১লৈ বৃদ্ধি

আৰু ছজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১২১লৈ বৃদ্ধি
Published on

আৰু ছজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১২১লৈ বৃদ্ধি

অসমত ক'ৰ'না ভাইৰাছৰ দ্ধাৰা আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ১২১জনলৈ বৃদ্ধি পাইছে ৷ আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি নতুনকৈ ছজন ক'ৰ'না আক্ৰান্ত ধৰা পৰিছে ৷ এই লোক ছয় জনৰ দুজনকৈ যোৰহাট আৰু গোলাঘাটৰ। আন দুজনৰ এজন নগাঁও আৰু আনজন কোকৰাঝাৰৰ। স্বাস্থ্য মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি যোৰহাটৰ ৰোগী দুজনৰ এজন চেন্নাইৰ পৰা আৰু আনজন দাৰ্জিলিঙৰ পৰা অহা ৷ এই নতুন ক'ৰ'না আক্ৰান্ত কেইজনো কোৱাৰেণ্টিনত আছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com