যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহঃ গুৱাহাটীত ৬ খন ৰাজহুৱা যান-বাহন জব্দ

যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহঃ গুৱাহাটীত ৬ খন ৰাজহুৱা যান-বাহন জব্দ

যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহৰ অভিযোগত গুৱাহাটীত ৬ খন ৰাজহুৱা যান-বাহন জব্দ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে লখৰা পথ আৰু লালগণেশ পথৰ পৰা এই যান-বাহনকেইখন জব্দ কৰে ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে অতিৰিক্ত ভাড়া সংগ্ৰহ কৰা ৰাজহুৱা যান-বাহনৰ বিৰুদ্ধে আজি ১৮ নৱেম্বৰত অভিযান চলায়। এই অভিযানৰ সময়ত প্ৰশাসনে ৩৩ টা গোচৰ ৰুজু কৰে আৰু ৬ খন যান-বাহন জব্দ কৰে। আজি বিয়লি এটা টুইটযোগে জিলা প্ৰশাসনে এই তথ্য সদৰী কৰে। 

উল্লেখ্য যে একাংশ চিটীবাছ. মেজিক, টেম্পো আদিয়ে পেট্ৰোপণ্যৰ  মূল্যবৃদ্ধিৰ অজুহাত দেখুৱাই যাত্ৰীৰ পৰা অত্যধিক ভাডা় সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈ আহিছে। কোৰোণা মহামাৰীৰ সময়ছোৱাত চৰকাৰে ৰাজহুৱা যান-বাহনত যাত্ৰীৰ সংখ্যা ৫০ শতাংশলৈ হ্ৰাস কৰে।  

আনহাতে, সাধাৰণ লোকে ৰাজহুৱা যান-বাহনসমূহত যাত্ৰী ভাড়াৰ নিৰিখ সম্বলিত তালিকা অঁৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে। লগতে নিয়মীয়া তালাচী ব্যৱস্থা কৰিবলৈও বিভিন্নজনে দাবী উত্থাপন কৰি আহিছে। ইপিনে, অলপতে মাণ্ডলিক পৰিবহণ কৰ্তৃপক্ষই চিটীবাছসমূহৰ চালক-হেণ্ডিমেনসকলক ইউনিফৰ্ম পিন্ধিবলৈ নিৰ্দেশ জাৰি কৰে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com