কৰ্তব্যৰত অৱস্থাতে ক'ৰ'নাত আক্ৰান্ত হ'ল অসম আৰক্ষীৰ আঠজন লোক

আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ১৬০জন বিষয়া-কৰ্মচাৰীক কোৱাৰেণ্টিন কৰা হৈছে
কৰ্তব্যৰত অৱস্থাতে ক'ৰ'নাত আক্ৰান্ত হ'ল অসম আৰক্ষীৰ আঠজন লোক

কৰ্তব্যৰত অৱস্থাতে ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল অসম আৰক্ষীৰ আঠজন লোক ৷ প্ৰাপ্ত তথ্য অনুসৰি ক'ৰ'নাত আক্ৰান্ত এই লোকসকলৰ মাজত আৰক্ষী মহা-পৰিদৰ্শক দীপক কেডিয়াৰ এজন দেহৰক্ষীও আছে৷ এই আঠজন আৰক্ষী লোকৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ তথ্যৰ নিশ্চিতি দি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ১৬০জন বিষয়া-কৰ্মচাৰীক কোৱাৰেণ্টিন কৰা হৈছে ৷ উল্লেখ্য যে অসম চৰকাৰে কংৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে জন-সমষ্টি বা গোষ্ঠী নিৰীক্ষণৰ ব্যৱস্থা কৰিছে ৷ এই পদক্ষেপৰ অংশৰূপে স্বাস্থ্যকৰ্মী, পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী, আৰক্ষী, উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আদিৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে, সম্প্ৰতি অসমে ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰৰ ক্ষেত্ৰত শীৰ্ষত থকা দেশৰ তিনিখন ৰাজ্যৰ মাজত স্থান লাভ কৰিছে ৷ এই কথা সদৰী কৰি সোমবাৰে এখন সলবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ ক্ষেত্ৰত অসম দেশৰ শীৰ্ষ তিনিখন ৰাজ্যৰ মাজত থকা বুলি ক'লেও ভুল কোৱা নহ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com