নেৰানেপেৰা বৰষুণঃ পুনৰ ধেমাজি-লখিমপুৰত বান

জিলা দুখনত বানৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮, ০৭০জন হৈছে ৷
নেৰানেপেৰা বৰষুণঃ পুনৰ ধেমাজি-লখিমপুৰত বান

নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ধেমাজি আৰু লখিমপুৰ জিলাৰ কেতবোৰ অঞ্চল বানৰ কবলত পৰিছে ৷ চলিত বাৰিষাৰ প্ৰথমটো বানৰ পৰা কথমপি সকাহ পোৱাৰ সময়তে জিলা দুখনৰ কেতবোৰ নৈৰ অঞ্চলক পুনৰ বানে বুৰাইছে ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি লখিমপুৰ আৰু ধেমাজি জিলাৰ আঠ হেজাৰৰো অধিক লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ।আজি সন্ধিয়ালৈ জিলা দুখনত বানৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮, ০৭০জন হৈছে ৷ চৰকাৰী তথ্য অনুসৰি লখিমপুৰ জিলাৰ নাৰায়নপুৰ, ধেমাজি আৰু জিলাখনৰ কেতবোৰ অঞ্চল বানৰ কবলত পৰিছে ৷ এই বানত কে'বা হেজাৰ পশু-পক্ষীও ক্ষতিগ্ৰস্ত হৈছে ৷ একেদৰে ধেমাজি জিলাত ১, ৯৩২হেক্টৰ কৃষিভূমি বানে বুৰাই ৰাখিছে ৷ বানাক্ৰান্তসকলৰ বাবে জিলাখনত ৫টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ ইপিনে, শোণিতপুৰ জিলাৰ এখন খহনীয়াৰ কবলত পৰিছে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ প্ৰথমটো বানত ৰাজ্যৰ বিভিন্ন জিলাত ১০জন লোকে প্ৰাণ হেৰুৱায় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com