ক'ৰ'নাত আক্ৰান্ত হ'ল অষ্টম অসম আৰক্ষী বেটেলিয়নৰ জোৱান

জোৱানজন গুৱাহাটী মালিগাঁও অঞ্চলৰ নেতাজী বিদ্যাপীঠ স্কুলৰ অস্থায়ী শিবিৰত আছিল । জোৱানজন ১০দিনমান জ্বৰ-কাহত ভুগি আছিল ৷
ক'ৰ'নাত আক্ৰান্ত হ'ল অষ্টম অসম আৰক্ষী বেটেলিয়নৰ জোৱান

ক'ৰ'নাত আক্ৰান্ত হ'ল অষ্টম অসম আৰক্ষী বেটেলিয়নৰ জোৱান

অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা নিতৌ উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ সময়তে এজন আৰক্ষী জোৱানৰ শৰীৰত ধৰা পৰিছে এই মহামাৰী সৃষ্টিকাৰী ভাইৰাছৰ অৱস্থিতি। এক সূত্ৰই জনোৱা মতে, জোৱানজন হ'ল অষ্টম অসম আৰক্ষী বেটেলিয়নৰ জোৱান ৷ জোৱানজনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে তেওঁক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ৷ জোৱানজন গুৱাহাটী মালিগাঁও অঞ্চলৰ নেতাজী বিদ্যাপীঠ স্কুলৰ অস্থায়ী শিবিৰত আছিল ।ফলত শিবিৰটোত আতংকৰ সৃষ্টি হৈছে ৷ এই শিবিৰত আৰু ৭০-৮০জন জোৱান আছে ৷ আনহাতে, এক সূত্ৰই জানিবলৈ দিয়া মতে, ক'ৰ'না আক্ৰান্ত এই জোৱানজন ১০দিনমান জ্বৰ-কাহত ভুগি আছিল ৷ সেয়েহে তেওঁৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হয় ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰা এই নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ আনহাতে, ৰাজ্যত সম্প্ৰতি মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩, ৩১৯জনলৈ বৃদ্ধি পাইছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com