যোৰহাটত অসমৰ অষ্টমটো ক'ৱিড-১৯ৰ নমুনা পৰীক্ষণ কেন্দ্ৰ মুকলি

স্বাস্থ্য মন্ত্ৰী শৰ্মাই আজিৰ দিনটোক অসমৰ বাবে উল্লেখযোগ্য দিনৰূপে অভিহিত কৰে ৷
যোৰহাটত অসমৰ অষ্টমটো ক'ৱিড-১৯ৰ নমুনা পৰীক্ষণ কেন্দ্ৰ মুকলি

যোৰহাটত অসমৰ অষ্টমটো ক'ৱিড-১৯ৰ নমুনা পৰীক্ষণ কেন্দ্ৰ মুকলি

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীয়ে ৰাজ্যত জটিল ৰূপ ধাৰণ কৰাৰ সময়তে যোৰহাটত মুকলি হ'ল অসমৰ অষ্টমতো ক'ৰ'না পৰীক্ষণ পৰীক্ষাগাৰ ৷ শনিবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটস্থিত উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এই পৰীক্ষাগাৰ মুকলি কৰে ৷ পৰীক্ষাগাৰটো মুকলি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী শৰ্মাই আজিৰ দিনটোক অসমৰ বাবে উল্লেখযোগ্য দিনৰূপে অভিহিত কৰে ৷ তেওঁ কয় যে এই প্ৰতিষ্ঠান হৈছে নতুন দিল্লীস্থিত বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ এক অংগ৷ তৎসত্বেও এই সংকটৰ ভয়াবহতা অনুধাৱন কৰি প্ৰতিষ্ঠানখনে মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৷ "আৰু দুই-এদিনৰ ভিতৰতে ক'ৰ'নাৰ নমুনা পৰীক্ষা এক-দুই লাখৰ ওচৰা-ওচৰি হ'ব ৷ কিন্তু আৰু আমি অধিক কাম কৰিব বিচাৰো ৷ কাৰণ আমি আন ৰোগীৰ পৰা ক'ৰ'না ৰোগীক আঁতৰ কৰি চিকিৎসা প্ৰদান কৰিব বিচাৰোঁ," তেওঁ গইদৰে কয় ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই আৰু কয় যে নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্যে আৰু বহুসংখ্যক পৰীক্ষাগাৰে কাম কৰি আছে ৷

ইপিনে, আজি ৰাজ্যত নতুনকৈ আৰু ৪৩ জন ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত কৰা হয়। ফলত ৰাজ্যত এই পৰ্যন্ত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১১০০ জনলৈ বৃদ্ধি পাইছে । এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই নতুন ৪৩ ক'ৰ'না আক্ৰান্তৰ পাঁচজন ধুবুৰীৰ, পাঁচজন গোলাঘাটৰ, তিনিজন বৰপেটাৰ, এজন বঙাইগাঁৱৰ আৰু ২৯ জন বিভিন্ন পৰীক্ষাগাৰৰ । ফলত সম্প্ৰতি ৰাজ্যত সক্ৰিয় ক'ৱিড পজিটিভ লোকৰ সংখ্যা ৯৬৮ জন হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com