মহানগৰীৰ উজানবজাৰ ঘাটত ভয়ংকৰ অগ্নিকাণ্ড

বৃহস্পতিবাৰে নিশা মহানগৰীৰ উজানবজাৰ ঘাটত এখন জাহাজত সংঘটিত হয় এই অগ্নিকাণ্ড ।
মহানগৰীৰ উজানবজাৰ ঘাটত ভয়ংকৰ অগ্নিকাণ্ড

উজানবজাৰৰ ঘাটত বৃহস্পতিবাৰে নিশা এখন জাহাজত এক  অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড সংঘটিত হোৱা জাহাজখন হৈছে 'চুকাফা'।

জাহাজখনত জুই লগাৰ সময়ত তিনিজন লোক জাহাজখনত আৱদ্ধ হৈ আছিল। অৱশ্যে, ঘটনাটোত আৱদ্ধ লোকসকল আঘাতপ্ৰাপ্ত হোৱা নাই।

জাহাজখন জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। অৱশ্যে, এই অগ্নিকাণ্ড কিয় সংঘটিত হৈছে তাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হৈছিল ।

ইয়াৰ পূৰ্বে দিপাৱলীৰ সময়ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৮১ টা অগ্নিকাণ্ড সংঘটিত হৈছিল ।

জিলাসমূহৰ ভিতৰত, কামৰূপে (মেট্ৰ') উৎসৱৰ দুদিনত সৰ্বাধিক ১৪ টা অগ্নি দুৰ্ঘটনা নথিভুক্ত কৰিছে। ৪ নৱেম্বৰত ৰাজ্যখনৰ পৰা প্ৰায় ৪৭ টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছত ৫ নৱেম্বৰত ৩৪ টা ঘটনা সংঘটিত হৈছিল, অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ এজন বিষয়াই এই বিষয়ে অৱগত কৰিছিল । বেছিভাগ ঘটনাই ফটকা ফুটুৱাৰ পৰা আৰম্ভ হৈছিল। দেৱালী উদযাপনৰ সময়ত সংঘটিত অগ্নিকাণ্ডত কেইবাটাও ঘৰ, বাণিজ্যিক প্ৰতিষ্ঠান, দোকান আৰু গুদাম ভস্মীভূত হৈছিল । প্ৰতিবেদন অনুসৰি জুইৰ ঘটনাত কোনো লোকৰ প্ৰাণ হেৰুওৱা নাছিল। অৱশ্যে, এই অগ্নিকাণ্ডত কোটি কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছিল।

ইফালে, নৱেম্বৰৰ ১০ তাৰিখ বুধবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত। হস্পিটেল খনৰ শিশু বিশেষ কক্ষত ৰখা, পি এম - কেয়াৰ পুঁজিৰ দ্বাৰা লাভ কৰা ভেন্তিলেটৰত সংযোগ হৈ সংঘটিত হৈছিল এই অগ্নিকাণ্ড। অৱশ্যে মানুহৰ কোনো ধৰণৰ ক্ষতি হোৱা নাছিল এই দূৰ্ঘটনাত। মহাবিদ্যালয় খনৰ অধ্যক্ষ প্ৰশান্ত দিহিঙ্গীয়াৰ তথ্য অনুসৰি শিশুৰ বিশেষ কক্ষত ৰখা ভেণ্টিলেটৰ সংযোগী এটি মনিটৰত সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ। অৱশ্যে কক্ষটোত ৰখা অগ্নি নিৰ্বাপক যন্ত্ৰৰ সহায়ত চিকিৎসালয় কৰ্মীয়ে তৎক্ষণাতে নুমুৱাবলৈ সক্ষম হৈছিল এই জুই। ডাঃ দিহিঙীয়াই প্ৰকাশ কৰা অনুসৰি কক্ষটোত ৬ মাহৰ পৰা ১০বছৰ বয়সৰ মুঠ ১২গৰাকী শিশু আছিল। সৌভাগ্য ক্ৰমে এই দূৰ্ঘটনাত কোনো আহত হোৱা নাছিল। ইপিনে, সাৱধানতা অৱলম্বন কৰি কক্ষটোত ভৰ্তি সকলো ৰোগীক চিকিৎসালয়খনৰ আন কক্ষলৈ স্থানান্তৰ কৰা হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com