ইনষ্টাগ্ৰাম ৰীল শ্বুটিং কৰোঁতে দুৰ্ঘটনাক্ৰমে মৃত্যু এজন ১৬ বছৰীয়া কিশোৰৰ

ইন্দোৰৰ এজন ১৬ বছৰীয়া কিশোৰে ইনষ্টাগ্ৰাম ৰীল তৈয়াৰ কৰোঁতে দুৰ্ঘটনাক্ৰমে মৃত্যুক আঁকোৱালি লৈছিল।
ইনষ্টাগ্ৰাম ৰীল শ্বুটিং কৰোঁতে দুৰ্ঘটনাক্ৰমে মৃত্যু এজন ১৬ বছৰীয়া কিশোৰৰ
Published on

মধ্য প্ৰদেশৰ ইন্দোৰৰ এজন ১৬ বছৰীয়া কিশোৰে ইনষ্টাগ্ৰাম ৰীলৰ শ্বুটিং কৰোঁতে নিজকে ওলোমাই ৰাখিছিল। তেওঁ ফটো শ্বেয়াৰিং প্লেটফৰ্মৰ বাবে এটা ভুৱা ফাঁচী লগোৱা ৰীল বনাব বিচাৰিছিল, কিন্তু দুৰ্ঘটনাক্ৰমে পিছলি পৰি শ্বাসৰুদ্ধ হৈ মৃত্যুক আঁকোৱালি ল'লে কিশোৰজনে। আদিত্য, দেবিলালা নায়কৰ পুত্ৰ আৰু দশম শ্ৰেণীৰ ছাত্ৰ, এজন সামাজিক মাধ্যমৰ আসক্ত আছিল। তেওঁ সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিয়মীয়াকৈ ভিডিঅ' আপলোড কৰিছিল, পৰিয়ালবাসীয়ে জনায়। কিশোৰজনৰ পৰিয়ালে তেওঁক এনে সকলো এপ বিলোপ কৰিবলৈ বাধ্য কৰিছিল কিন্তু যোৱা সপ্তাহত তেওঁৰ পিতৃ-মাতৃ ৰটলামত এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল।

সেই সুযোগ লৈ আদিত্যই তেওঁৰ বন্ধুসকলক তেওঁৰ ঘৰলৈ মাতিছিল আৰু ফাঁচী লগোৱা এটা ভুৱা ভিডিঅ' শ্বুট কৰিবলৈ চেষ্টা কৰিছিল।

কিশোৰজনে চকী এখনত উঠি ডিঙিত ফাঁদ লগোৱাৰ লগে লগে, তেওঁ দুৰ্ঘটনাক্ৰমে পিছলি পৰিল, যাৰ ফলত মৃত্যুক আঁকোৱালি ল'লে কিশোৰজনে । আন আতংকিত কিশোৰ কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল। ঘটনাটো আদিত্যৰ সৰু ভাতৃ ৰাজদীপে আবেলি প্ৰশিক্ষণ শ্ৰেণীৰ পৰা উভতি অহাৰ পিছতহে পোহৰলৈ আহিছিল। তেওঁ চুবুৰীয়াসকলক মাতিছিল আৰু তেওঁৰ ভাতৃক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিল কিন্তু কিশোৰজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল।

আৰক্ষীয়ে পিছত অনুসন্ধানৰ বাবে আদিত্যৰ মোবাইল ফোনটো জব্দ কৰিছিল। মৃতকৰ বন্ধুসকলে নিশ্চিত কৰিছে যে কিশোৰজনে এটা ভুৱা ভিডিঅ' শ্বুটিং কৰি আছিল, কিন্তু এতিয়ালৈকে ফোনত এনে কোনো ক্লিপ পোৱা হোৱা নাই। বৰ্তমানে গোচৰটোৰ তদন্ত চলি আছে।

এই বছৰৰ আৰম্ভণিতে, ইৰফান খান নামৰ এজন ইনষ্টাগ্ৰাম প্ৰভাৱশালী ব্যক্তিক মুম্বাইত তেওঁৰ মৃত্যু অনলাইনত নকল কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। বাতৰি অনুসৰি, খানে নিজৰ এটা ভিডিঅ' শ্বুট কৰিছিল য'ত তেওঁক তেওঁৰ প্ৰেমিকাৰ দ্বাৰা প্ৰত্যাখ্যান হোৱাৰ পিছত ৰেলপথত বহি থকা দেখা গৈছিল আৰু ভিডিঅ'টো এনেদৰে সম্পাদনা কৰা হৈছিল যাতে তেওঁ ৰে'লৰ দ্বাৰা খুন্দা খাইছিল বুলি ধাৰণা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com