ৰাজ্যৰ পাৰদৰ্শিতাহীন বিদ্যালয় বন্ধৰ বিৰোধিতা আছুৰ

এই ছাত্ৰ-ছাত্ৰীসকলে নতুন বিদ্যালয়লৈ অহা-যোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা ব্যক্ত কৰে আছুৰ সাধাৰণ সম্পাদক গগৈয়ে ৷
ৰাজ্যৰ পাৰদৰ্শিতাহীন বিদ্যালয় বন্ধৰ বিৰোধিতা আছুৰ

ৰাজ্যত পাৰদৰ্শিতাহীন বিদ্যালয় বন্ধৰ বিৰোধিতা আছুৰ

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো ছাত্ৰ উত্তীৰ্ণ নোহোৱা ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ কৰিবলৈ শিক্ষা বিভাগে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থা(আছু)-ই ৷ উল্লেখ্য যে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে কৰা ঘোষণা অনুসৰি এইবাৰ ৰাজ্যৰ ১৭খন বিদ্যালয়ৰ পৰা এজনো ছাত্ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ'ল ৷ এই স্কুলসমূহ বন্ধ কৰি এইসমূহত নিয়োজিত শিক্ষক-শিক্ষয়িত্ৰীসকলক আন স্কুললৈ বদলিৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে ৷ সম্প্ৰতি আছুৱে শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৷ স্কুল বন্ধ কৰাৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে দ্যা ছেণ্টিনেল ডিজিটেলক কয় যে চৰকাৰৰ এই সিদ্ধান্ত অতি দুঃখদায়ক সিদ্ধান্ত ৷ অ-কৃতকাৰ্যতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল দায়ী নহয় বুলি মন্তব্য কৰি আছুৰ সাধাৰণ সম্পাদকজনে লগতে, "যি সময়ত শিক্ষা ব্যৱস্থা অধিকৰ পৰা অধিক ছাত্ৰ-ছাত্ৰীকেন্দ্ৰিক হৈ পৰিছে ৷ তেনে সময়ত ছাত্ৰ-ছাত্ৰীৰ সমস্যা বুজ ল'ব লাগিব আৰু সমস্যা সমাধান কৰিব লাগিব ৷" গগৈয়ে আৰু কয় যে শিক্ষা বিভাগৰ সিদ্ধান্ত অনুসৰি এই বিদ্যালয়সমূহ বন্ধ হৈ পৰিলে, এইসমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল গভীৰ সমস্যাৰ সন্মুখীন হ'ব ৷ কাৰণ এই ছাত্ৰ-ছাত্ৰীসকলে নতুন বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত  অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা ব্যক্ত কৰে আছুৰ সাধাৰণ সম্পাদক গগৈয়ে ৷ বিষয়টো সন্দৰ্ভত তেওঁ আকৌ কয় যে এই বিদ্যালয়সমূহ বন্ধ হ'লে ছাত্ৰ-ছাত্ৰীসকলে ১০কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি আন বিদ্যালয়লৈ যাবলগা হ'ব পাৰে ৷ কাৰণ দুৰ্গম বা পিছপৰা অঞ্চলৰ বাসিন্দাসকলৰ অধিকাংশৰে আৰ্থিক অৱস্থা সচ্ছল নহয় ৷ গগৈয়ে স্পষ্ট কৰি দিয়ে বিদ্যালয় বন্ধৰ সিদ্ধান্তক আছুৱে কেতিয়াও মানি নলয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com