নীট-জে ই ইঃ পৰীক্ষাতকৈ জীৱন মূল্যবান, শিক্ষাবিদৰ মন্তব্য

একেদৰে কটন বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ অধ্যাপকে কয় যে ইতিমধ্যে শিক্ষাবৰ্ষৰ কে’বাটাও মাহ লোকচান হ'ল ৷
নীট-জে ই ইঃ পৰীক্ষাতকৈ জীৱন মূল্যবান, শিক্ষাবিদৰ মন্তব্য

পৰীক্ষাতকৈ জীৱন ডাঙৰ ৷ মহামাৰীৰ মাজতে নীট আৰু জে ই ই অনুষ্ঠিত কৰিবলৈ লোৱাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এই মন্তব্য কৰিছে একাংশ শিক্ষাবিদে ৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰেও নীট আৰু জে ই ই অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াইছে ৷ অহা মাহত নীট আৰু জে ই ই অনুষ্ঠিত হোৱাৰ কথা৷ পৰিকল্পনা অনুসৰি জে ই ইৰ মূল পৰীক্ষা একৰ পৰা ছয় ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব ৷ আনহাতে, নীট ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৷

এনে অৱস্থাতে একাংশ শিক্ষাবিদে ইয়াক লৈ নেতিবাচক মন্তব্য কৰিছে ৷ জে ই ই মূল পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সমগ্ৰ দেশৰ প্ৰায় ৮.৫৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে৷ নীটত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৫.৯৭লাখ । এই সম্পৰ্কত অসমৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মণে কয় যে নীটত অৱতীৰ্ণ হোৱাৰ বাবে ৰাজ্যৰ বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আবেদন জনাইছে ৷

আনহাতে, ক'ৰ'না মহামাৰীৰ মাজতে নীট-জে ই ই অনুষ্ঠিত কৰিবলৈ লোৱাত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষাবিদ তথা বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ দীনেশ বৈশ্যই৷ডঃ বৈশ্যই কয় যে মহামাৰীৰ মাজতে নীট আৰু জে ই ই অনুষ্ঠিত কৰিলে বহু দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ'ব৷ মহামাৰীজনিত পৰিস্থিতিৰ মাজত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল কেনেদৰে মহানগৰীলৈ আহিব বুলি তেওঁ প্ৰশ্ন কৰে৷ একেদৰে কটন বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ অধ্যাপকে কয় যে ইতিমধ্যে শিক্ষাবৰ্ষৰ কে'বাটাও মাহ লোকচান হ'ল ৷ পৰীক্ষাতকৈ ছাত্ৰ-ছাত্ৰীৰ জীৱন অধিক মূল্যবান বুলি তেওঁ মন্তব্য কৰে৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com