চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত এ চি এম এছৰ প্ৰতিবাদী কাৰ্যসূচী

লক্ষেশ্বৰ তাঁতীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ঘোষণা কৰা সত্বেও চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫১টকালৈ বৃদ্ধি কৰা নাই।
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত এ চি এম এছৰ প্ৰতিবাদী কাৰ্যসূচী

চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ দাবীত অহা ১৬ ছেপ্টেম্বৰৰ পৰা অসম চাহ মজদুৰ সংঘ(এ চি এম এছ)-এ  এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ এক বিবৃতিত এই কথা সদৰী কৰি এ চি এম এছৰ কাৰ্যবাহী সদস্য লক্ষেশ্বৰ তাঁতীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ঘোষণা কৰা সত্বেও চাহ শ্ৰমিকসকলৰ মজুৰি ৩৫১টকালৈ বৃদ্ধি কৰা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত এ চি এম এছে অহা ১৬ছেপ্টেম্বৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷

"অহা ১৬ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো চাহ বাগিচাত আমি এঘণ্টা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিম ৷ ২২ ছেপ্টেম্বৰত আমি ৰাজ্যৰ সকলো জিলা উপায়ুক্ত, ৰাজহচক্ৰ বিষয়া আৰু মহকুমাধিপতিৰ কাৰ্যালয়ত এ চি এম এছৰ শাখাসমূহে এঘণ্টীয়া ধৰ্ণা দিব ৷ একেটা দাবীৰ সমৰ্থনত ২৯ ছেপ্টেম্বৰত বাগিচা শ্ৰমিকসকলৰ মানৱ শৃংখল প্ৰস্তুত কৰা হ'ব ", বিবৃতিটোত এইদৰে কোৱা হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com