অসমত আফ্সাৰ ম্যাদ আৰু ৬মাহ বৃদ্ধি

অসমত আফ্সাৰ ম্যাদ আৰু ৬মাহ বৃদ্ধি

১৯৯০ৰ নৱেম্বৰৰ পৰা অসমত বলবত হোৱা এই বিতৰ্কিত আইনৰ প্ৰতি ৬ মাহৰ মূৰে মূৰে নবীকৰণ কৰা হয়।
Published on

সশস্ত্ৰ বাহিনীৰ (বিশেষ)ক্ষমতা আইনৰ ম্যাদ অসমত আৰু ছয় মাহ বৃদ্ধি পাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সংক্ৰান্তীয় নিৰ্দেশনা জাৰি কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হয় যে অহা ২৮ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ অসমত আফ্সাৰ ম্যাদ ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে।

উল্লেখ্য দেশৰ অঞ্চলসমূহত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰয়োগ কৰা হয়। লক্ষ্যণীয় যে সময়ে সময়ে অসমত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী উত্থাপন হৈ আহিছে। বিগত শতিকাৰ ৯০ৰ দশকৰ পৰা এই আইন অসমত বলবত ৰখা হৈছে। ১৯৯০ৰ নৱেম্বৰৰ পৰা অসমত বলবত হোৱা এই বিতৰ্কিত আইনৰ প্ৰতি ৬ মাহৰ মূৰে মূৰে নবীকৰণ কৰা হয়।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com