অসমত তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনৰ বয়স ৪০ বছৰলৈ বৃদ্ধি

অসমত তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনৰ বয়স ৪০ বছৰলৈ বৃদ্ধি

মুখ্যমন্ত্ৰীয়ে কয় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত আবেদনৰ সৰ্বোচ্চ বয়স বৰ্তমানৰ ৩৮ বছৰৰ পৰা ৪০ বছৰলৈ বৃদ্ধি কৰা হৈছে।
Published on

অসমত চৰকাৰী খণ্ডৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদনৰ সৰ্বোচ্চ বয়স ৪০ বছৰলৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ শোণোৱালে এই কথা ঘোষণা কৰে। জজ খেলপথাৰত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত আবেদনৰ সৰ্বোচ্চ বয়স বৰ্তমানৰ ৩৮ বছৰৰ পৰা ৪০ বছৰলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক সকাহ দিব বিচৰা হৈছে বুলি তেওঁ মন্তব্য কৰে।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com