ক'ৰ'নাঃ দ্বাদশ শ্ৰেণীৰ ৩০শতাংশ পাঠ হ্ৰাস কৰিলে শিক্ষা সংসদে

এই ৩০শতাংশ বাদ দিয়াৰ সিদ্ধান্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু বিষয়বস্তু বিশেষজ্ঞৰ মাজত হোৱা আলোচনা মৰ্মে গৃহীত হয় ৷
ক'ৰ'নাঃ  দ্বাদশ শ্ৰেণীৰ ৩০শতাংশ পাঠ হ্ৰাস কৰিলে শিক্ষা সংসদে

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষিত তলাবন্ধৰ ফলত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ৰাখিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৷ ইয়াৰ অংশস্বৰূপে সংসদে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ৩০শতাংশ হ্ৰাস কৰিছে ৷ এই ৩০শতাংশ ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব নালাগিব ৷ এই কৰ্তন কৰা অংশসমূহৰ মাজত আছে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সম্পৰ্কীয় পাঠ, ২০০২ৰ গুজৰাট গোষ্ঠী সংঘৰ্ষ সম্পৰ্কীয় পাঠ, মণ্ডল আয়োগৰ প্ৰতিবেদন আৰু উপান্তকৰণ সম্পৰ্কীয় পাঠ ৷ এই ৩০শতাংশ বাদ দিয়াৰ সিদ্ধান্ত শিক্ষক-শিক্ষয়িত্ৰী আৰু বিষয়বস্তু বিশেষজ্ঞৰ মাজত হোৱা আলোচনা মৰ্মে গৃহীত হয় ৷

এই কথা সদৰী কৰি শিক্ষা সংসদৰ সচিব মনোৰঞ্জন কাকতিয়ে এক বিবৃতিত কয় যে ক'ৰ'না ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া বিদ্যায়তনিক সময় নষ্ট কৰিলে ৷ ইতিমধ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডে বিষয়বস্তু হ্ৰাস কৰি ছাত্ৰ-ছাত্ৰীক সকাহ দিছে ৷ চি বি এছ ইয়ে সিদ্ধান্ত লোৱাৰ পৰাই শিক্ষা সংসদেও এনে সিদ্ধান্ত গ্ৰহণৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছিল বুলি কাকতিয়ে জানিবলৈ দিয়ে ৷ ইয়াৰ উদ্দেশ্য ছাত্ৰ-ছাত্ৰীৰ মূৰৰ পৰা বোজা হ্ৰাস কৰা বুলি তেওঁ কয় ৷ তেওঁ লগতে একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰো বিষয়বস্তু হ্ৰাসৰ সম্ভাৱনা ব্যক্ত কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com