কেৰালাৰ কড়িকড়েত ৰাণৱেৰ পৰা পথচ্যুত হ'ল বিমান

বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰৰ উদ্দেশ্যে ২৪ খন এম্বুলেন্স বিমানকোঠটোত উপস্থিত হৈছে।
কেৰালাৰ কড়িকড়েত ৰাণৱেৰ পৰা পথচ্যুত হ'ল বিমান
Published on: 

এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ কড়িকড়ে বিমানকোঠত। ডুবাইৰ পৰা ১৮০ যাত্ৰীসহ অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি সন্ধিয়া কড়িক়ডে বিমানকোঠত অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা পথচ্যুত হৈ পৰে। ফলত বিমানখন দুটা টুকুৰাত পৰিণত হোৱাৰ আশংকা কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰৰ উদ্দেশ্যে ২৪ খন এম্বুলেন্স বিমানকোঠটোত উপস্থিত হৈছে। ধাৰাসাৰ বৰষুণৰ মাজত ঘটনাটো সংঘটিত হয়।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com