ক'ৰ'না পজিটিভ হ'ল দুই আজমল ভাতৃ

ইয়াৰে বিধায়ক চেতিয়া হৈছে ক’ৰ’না পজিটিভ হোৱা ৰাজ্যৰ তৃতীয়জন বিজেপিৰ জনপ্ৰতিনিধি।
ক'ৰ'না পজিটিভ হ'ল দুই আজমল ভাতৃ

ক'ৰ'না পজিটিভ হ'ল দুই আজমল ভ্ৰাতৃ। প্ৰাপ্ত তথ্য অনুসৰি এ আই ডি এফৰ মুৰব্বী তথা সাংসদ বদৰদ্দিন আজমল আৰু তেওঁৰ প্ৰাক্তন সাংসদ ভ্ৰাতৃ ছিৰাজুদ্দিন আজমলৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। মুম্বাইত দুয়োজনৰে শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ্য যে শেহতীয়াভাবে ৰাজ্যৰ একাধিক ৰাজনীতিকৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। ক'ৰ'না পজিটিভ এইসকল ৰাজনীতিকৰ অন্যতম হৈছে শদিয়াৰ বিধায়ক বলিন চেতিয়া, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেব, বিজেপি বিধায়ক নাৰায়ণ ডেকা আদি।  ইয়াৰে বিধায়ক চেতিয়া হৈছে ক'ৰ'না পজিটিভ হোৱা ৰাজ্যৰ তৃতীয়জন বিজেপিৰ জনপ্ৰতিনিধি।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com