বাঘজান অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তলৈ ১০লাখ টকাৰ সাহায্য ঘোষণা আজমলৰ

উক্ত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৩০০০মহিলাক মেখেলা-চাদৰ আৰু শাৰীৰ দৰে বস্ত্ৰ সামগ্ৰী প্ৰদান কৰা হ'ব ৷
বাঘজান অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্তলৈ  ১০লাখ টকাৰ সাহায্য ঘোষণা আজমলৰ

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ বিধ্বংসী অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তসকলৰ পুনৰ সংস্থাপনৰ বাবে এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলে ১০লাখ টকাৰ সাহায্য আগবঢ়াইছে। টুইটাৰত এই কথা সদৰী কৰি এ আই ইউ ডি এফৰ মুৰব্বী সাংসদজনে কয় যে এই ধনৰ অংশৰে উক্ত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ৩০০০মহিলাক মেখেলা-চাদৰ আৰু শাৰীৰ দৰে বস্ত্ৰ সামগ্ৰী প্ৰদান কৰা হ'ব ৷ তদুপৰি ক্ষতিগ্ৰস্ত তিনিশ পুৰুষক চোলা আৰু পেণ্ট প্ৰদান কৰা হ'ব বুলি আজমলে প্ৰকাশ কৰিছে ৷ এই ইউ ডি এফৰ মুৰব্বী আজমলে লগতে কয় যে এই অগ্নিকাণ্ড নিৰ্বাপনত নিয়োজিত হৈ থকা অৱস্থাত দুৰ্ভাগ্যজনকভাবে মৃত্যুক সাবটি লোৱা অইল ইণ্ডিয়া লিমিটেডৰ দুই অগ্নি-নিৰ্বাপক কৰ্মীৰ পৰিয়ালকো তেওঁ ৫০হেজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়াব । আজি ১৬জুনৰ পৰা তেওঁ এই সাহায্য আৰম্ভ কৰিব বুলি জানিবলৈ দিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com