চাবুৱা থানাৰ তিনিটা গোচৰত অখিল গগৈৰ জামিন মঞ্জুৰ

উক্ত দিনা এই দুটা গোচৰত জামিন পালেই মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল ৷
চাবুৱা থানাৰ তিনিটা গোচৰত অখিল গগৈৰ জামিন মঞ্জুৰ
Published on: 

অৱশেষত কিঞ্চিত সকাহ পালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।চাবুৱা আৰক্ষী থানাত ৰুজু হৈ থকা তিনিটা গোচৰত আজি অখিলৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। চাবুৱা থানাৰ এই তিনিটা গোচৰ ক্ৰমে ২৯৩/১৯, ২৯৬/১৯ আৰু ৩০৭/১৯ ৰাষ্ট্ৰদ্ৰোহৰ

গোচৰত উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে। অৱশ্যে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা(এন আই এ)-ৰ দুটাকৈ গোচৰৰ অহা ২১ জুলাইতহে বিচাৰ প্ৰক্ৰিয়া হ'ব। উক্ত দিনা এই দুটা গোচৰত জামিন পালেই মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল৷ সম্প্ৰতি তেওঁ ক'ৰ'না আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ অধিবক্তাই জনোৱা মতে, অখিলৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থ হৈছে ৷ আনহাতে, ২১জুলাইত যদি তেওঁৰ জামিন মঞ্জুৰ হয় তেতিয়াও স্বাস্থ্য বিভাগৰ সকলো নিয়ম-নীতি মানিলৈহে মুকলি আকাশৰ তললৈ আহিব পাৰিব ৷

এই কথা জানিবলৈ দিয়ে অখিলৰ অধিবক্তা মনোজ কুমাৰ দেউৰীয়ে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com