ক'ৰ'না পজিটিভ হ'ল ৰাজ্যৰ বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ

উপাধ্যক্ষ লস্কাৰ বিগত কিছুদিন ধৰি জ্বৰত আক্ৰান্ত আছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ সভা-সমিতিত অংশগ্ৰহণৰ পৰা বিৰত আছিল।
ক'ৰ'না পজিটিভ হ'ল ৰাজ্যৰ বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ

ৰাজ্যত আৰু এজন জনপ্ৰতিনিধি ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে। ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ। প্ৰাপ্ত তথ্য অনুসৰি বৰাক উপত্যকাৰ সোনাই সমষ্টিৰ বিধায়ক লস্কৰৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সা প্ৰদান কৰা হব। অৱশ্যে তেওঁক ঘৰতো চিকিত্সা প্ৰদান কৰা হ'ব পাৰে।

উপাধ্যক্ষ লস্কাৰ বিগত কিছুদিন ধৰি জ্বৰত আক্ৰান্ত আছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ সভা-সমিতিত অংশগ্ৰহণৰ পৰা বিৰত আছিল। তেওঁৰ গাড়ীচালকজনৰ শৰীৰতো ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি এক সূত্ৰই জনায়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com