খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে কৰিলে অসমীয়া ছবি আমিষৰ প্ৰচাৰ

খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে কৰিলে অসমীয়া ছবি আমিষৰ প্ৰচাৰ
Published on: 

প্ৰসিদ্ধ বলিউড ছবি নিৰ্মেতা তথা নিৰ্দেশক অনুৰাগ কাশ্যপে আজি ঘোষণা কৰে যে তেওঁ প্ৰদৰ্শিত কৰিব অসমীয়া ছবি আমিষ । আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত আমিষ ছবি খন নৱেম্বৰ মাহত ছবিগৃহলৈ আহিব ।

চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপে এই ঘোষনা তেওঁ তেওঁৰ ইন্চটাগ্ৰামৰ জৰিয়তে দিয়ে । লগতে এটা ভিডিঅ'ৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতা জনে ২২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰিব লগীয়া আমিষ ছবি খন ছবি গৃহত উপভোগ কৰিবলৈ আহ্বান জনায় । লগতে কয় যে " আপোনালোকে আগতে এনেকুৱা ভাৰতীয় চিনেমা দেখা নাই " । অনুৰাগ কাশ্যপে ভাৰতৰ বিভিন্ন ঠাইৰ ছবি‌ প্ৰদৰ্শন কৰে আৰু এয়া প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ছবি প্ৰদৰ্শন হ'ব ।

এটা নিৰ্দয়পূৰ্ন প্ৰেমকাহিনীৰ আমিষ ছবিখনৰ কাহিনী আৰু পৰিচালনা ভাস্কৰ হাজৰিকাৰ ।

ভাস্কৰ হাজৰিকাৰ প্ৰথম খন ছবি "কথানদী" য়ে ২০১৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ।

আমিষ ছবিখনত অভিনয় কৰে ৰীমা দাস‌, অৰ্ঘদ্বীপ বৰুৱা , নিতালী দাস , সাগৰ সৌৰভ , আৰু মিনস কে দাসে । এই ছবিখন উইচব্ৰি ফিল্মৰ সৈতে পৰিচালনা কৰে পূনম দেৱৰ আৰু শ্যাম বৰাই । এই ছবিখন নিউয়ৰ্কত অনুষ্ঠিত ই ত্ৰিবেকা ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰ কৰা হৈছিল । য'ত এই ছবিখন ৫ টা শাখাত মনোনীত হৈছিল । তাৰোপৰি ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ ।

আমিষ ছবিখনে কিছুদিন পূৰ্বে ছিংগাপুৰ চাইথ এচিয়ান ইন্টাৰনেছনেলে ফিল্ম ফেষ্টিভেলত ভাস্কৰ হাজৰিকালৈ শ্ৰেষ্ঠ পৰিচালক , আৰু ৰীমা দাসলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান প্ৰদান কৰা হয় ।

কাহিনী আৰু পৰিচালক ভাস্কৰ হাজৰিকাই কয় যে " অনুৰাগ কাশ্যপে প্ৰদৰ্শন কৰাটো আমাৰ দলৰ লোক সকলৰ সপোন বাস্তৱত ৰূপায়িত হ'ল "।

অনুৰাগ কাশ্যপক তেওৰ ব্যতিক্ৰমী আৰু দৃষ্টি ভংগীৰ বাবে সকলোৱে জানে । অনুৰাগ কাশ্যপে আমাষ ছবিখনৰ ক্ষেত্ৰত কৰা সহযোগিতাৰ ফলত ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব বুলি কয় চলচ্চিত্ৰ নিৰ্মাতা ভাস্কৰ হাজৰিকাই ।

আমিষ ছবিখন অসমৰ লগতে ভাৰতৰ আন‌ কিছুমান ৰাজ্যত নৱেম্বৰৰ ২২ তাৰিখে মুক্তি লাভ কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Self Reliant Farmers from Titatbor

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com