এন আৰ চিৰ পুঁজি আত্মসাৎঃ হাজেলাৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু এ পি ডব্লিউৰ

এন আৰ চিৰ পুঁজি আত্মসাৎঃ হাজেলাৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু এ পি ডব্লিউৰ

হাজেলাই এন আৰ চি উন্নীতকৰৃণৰ বাবে ছফটৱেৰ যোগান ধৰা উইপ্ৰ’ প্ৰতিষ্ঠানৰ সৈতে মিলি এন আৰ চিৰ পুঁজিত লুণ্ঠন চলায়।
Published on

এন আৰ চিৰ পুঁজি আত্মসাৎঃ হাজেলাৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু এ পি ডব্লিউৰ

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি) উন্নীতকৰণৰ পুঁজি আত্মসাতৰ অভিযোগ তুলি এন আৰ চিৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰু এটা গোচৰ ৰুজু কৰিলে অসম পাব্লিক ৱৰ্কছ(এ পি ডব্লিউ)-এ ৷ পূৰ্বৰ লেখীয়াকৈ সংগঠনটোৱে কেন্দ্ৰীয় অনুসন্ধান সংস্থা(চি বি আই)-ৰ ওচৰত এই গোচৰ ৰুজু কৰিছে ৷ এ পি ডব্লিউৱে অভিযোগ কৰা অনুসৰি হাজেলাই এন আৰ চি উন্নীতকৰৃণৰ বাবে ছফটৱেৰ যোগান ধৰা উইপ্ৰ' প্ৰতিষ্ঠানৰ সৈতে মিলি এন আৰ চিৰ পুঁজিত লুণ্ঠন চলায় ৷ এনে অভিযোগ তুলি ইতিমধ্যে সংগঠনটোৱে হাজেলা আৰু উইপ্ৰ'ৰ বিৰুদ্ধে চাৰিটাৰো অধিক গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছতে সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ মাজতে হাজেলাক উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশলৈ বদলি কৰে ৷ তাৰ পাছৰে পৰা জ্যেষ্ঠ আই এ এছ বিষয়াজনৰ বিৰুদ্ধে এ পি ডব্লিউৱে ইটোৰ পাছত সিটোকৈ গোচৰ ৰুজু কৰি আহিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com