ক'ৱিড১৯-আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ আৰু এটা অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

অঞ্চলটোৰ এটা অংশক প্ৰশাসনে কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰিছে
ক'ৱিড১৯-আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ আৰু এটা অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ক'ৱিড১৯-আক্ৰান্ত চিনাক্তঃ গুৱাহাটীৰ আৰু এটা অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

গুৱাহাটী মহানগৰীৰ আৰু এটা অঞ্চলক প্ৰশাসনে ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ৷ মহানগৰীৰ বেতকুচিত ক'ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ এটা অংশক প্ৰশাসনে কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি এই কণ্টেইনমেণ্ট জ'নৰ চাৰিসীমা নিম্নোক্ত ধৰণৰ হ'বঃ

১)বেতকুচি চৌহদৰ আই চি অ এলৰ পৰা উত্তৰলৈ,

২) সুশীল তামুলীৰ বাসভৱনৰ পৰা দক্ষিণলৈ,

৩) বীজমোহন দাসৰ বাসভৱনৰ পৰা পূবলৈ আৰু

৪) মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ পৰা পশ্চিমলৈ ৷

এই কণ্টেইনমেণ্ট জ'নত অকৰ্তৃত্বশীল কোনো লোক আৰু যান-বাহনে প্ৰৱেশ কৰিব নোৱাৰিব বুলি জিলা প্ৰশাসনে জাননী জাৰি কৰিছে ৷ এই নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে ২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু ১৮৯৭ৰ মহামাৰী ৰোগ আইনকে ধৰি আনুসংগিক আইনৰ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰশাসনে সকলোকে সতৰ্ক কৰি দিছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com