অৱশেষত ঘৰত উপস্থিত চীনা সেনাৰ দ্বাৰা অপহৃত পাঁচ অৰুণাচলী যুৱক

তেওঁলোকে চিকাৰলৈ যাওঁতে অমনোযোগিতাবশতঃ চীনৰ ভূ-খণ্ডত প্ৰৱেশ কৰে ৷
অৱশেষত ঘৰত উপস্থিত চীনা সেনাৰ দ্বাৰা অপহৃত পাঁচ অৰুণাচলী যুৱক

অৱশেষত ঘৰত উপস্থিত হ'ল কিছুদিন পূৰ্বে চীনা সেনাৰ দ্বাৰা অপহৃত পাঁচ অৰুণাচলী যুৱক ৷ চীনা সেনাৰ কবলৰ পৰা এই অৰুণাচলী যুৱককেইজন মুকলি হৈ অহাৰ কথা নিশ্চিত কৰিছে ভাৰতীয় সেনাই ৷ আজি ভাৰতীয় সেনাই আটাইকেইজন যুৱকক কিবিটোত গ্ৰহণ কৰে ৷ তাতে চীনা সেনাৰ সৈতে ভাৰতীয় সৈন্যই আনুষ্ঠানিকতা সম্পন্ন কৰিবলগীয়া হয়। পাছত তেওঁলোকক নিয়মানুসৰি ১৪দিনৰ বাবে ক'ৱিড কোৱাৰেণ্টিনলৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰ পূৰ্বে যুৱককেইজনক উদ্ধাৰৰ বাবে ভাৰতীয় সৈন্যই চীনা সৈতে যোগাযোগ কৰে ৷

আটাইকেইজন যুৱক অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ ৷ তেওঁলোকে চিকাৰলৈ যাওঁতে অমনোযোগিতাবশতঃ চীনৰ ভূ-খণ্ডত প্ৰৱেশ কৰে ৷ পাচত এই পোহৰলৈ অহাত দেশজুৰি আলোড়নৰ সৃষ্টি হয় ৷ তৎপৰ হৈ উঠে দেশৰ সেনাবাহিনী ৷ অৱশেষত কালি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে ঘোষণা কৰে যে যুৱককেইজন আজি ঘৰলৈ ঘূৰি আহিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com