জামিন বিচাৰি বম্বে উচ্চ ন্য়ায়ালয়ৰ দ্বাৰস্থ আৰয়ান খান

আবেদন অনুসৰি এন. চি.বি. ৰ হাতত আৰয়ানৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰ কোনো ধৰণৰ প্ৰমাণ নাই।
জামিন বিচাৰি বম্বে উচ্চ ন্য়ায়ালয়ৰ দ্বাৰস্থ আৰয়ান খান

নিষিদ্ধ ড্ৰাগছ সেৱন কৰাৰ অপৰাধত এন. চি.বি. ৰ দ্বাৰা কৰায়ত্ব অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খান সম্প্ৰতি জামিন বিচাৰি বম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আৰয়ানৰ জামিন আবেদনত ড্ৰাগছ বিৰোধী সংস্থা এন চি বিৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে এটা গুৰুত্বৰ অভিযোগো। আবেদন অনুসৰি এন. চি.বি. ৰ হাতত আৰয়ানৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰ কোনো ধৰণৰ প্ৰমাণ নাই। তেওঁলোকে মাত্ৰ তাৰকা সন্তানগৰাকীৰ হোৱাটছএপৰ কিছু নিয়মীয়া বাৰ্তালাপক এটা বীভৎস ৰূপ দিয়াৰ চেষ্টা চলাইছে।

আনহাতে, আৰয়ানৰ অধিবক্তা সতীশে উচ্চ ন্যায়লয়ত যোৱা বৃহস্পতিবাৰে এখন আবেদন দাখিল কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত ন্যায়ালয়ে অহা ২৬,অক্টোবৰত এই আবেদনৰ শুনানী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। 

নিজৰ জামিন আবেদনত নিজৰ উকিলৰ সহযোগত আৰয়ানে  উচ্চ ন্যায়ালয়ক  জনায় যে জামিনত বাহিৰলৈ গৈ যে তেওঁ এন. চি.বি. ৰ অনুসন্ধানত কোনো ধৰৰণ ব্যাঘাত জন্মাব এই কথা প্ৰমাণিত কৰিবলৈ তেওঁলোকৰ হাতত কোনো ধৰণৰ তথ্য নাই।

জামিন আবেদনখনত এই কথাও কোৱা হৈছে যে আৰয়ান  আৰু আৰবাজ মাৰ্চেন্টৰ বিপক্ষে অভিযোগ প্ৰমাণ কৰিব পৰাকৈ কোনো ধৰণৰ যথাযোগ্য প্ৰমাণ নাই। আৰবাজ মাৰ্চেন্ট আৰু অচ্ছিত কুমাৰ, যাৰ নাম আৰয়ানে জেৰাৰ সময়ত প্ৰকাশ কৰিছে বুলি কোৱা হয়, এই দুইজনৰ বাহিৰে অন্য কাৰোৰে সৈতে তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই।

আবেদনত উল্লেখ কৰা হৈছে এন. চি.বি.ৰ দ্বাৰা আৰ্য়ানৰ ওপৰত উত্থাপিত দোষৰ ভিত্তি হৈছে কেৱল হোৱাটছএপৰ পৰা উদ্ধাৰ হোৱা কিছু কথোপকথন। সেইসমূহত কোনো ধৰণৰ তাৰিখ বা কোনো বিশ্বাসনীয় তথ্য উল্লেখিত নাই। এই বাৰ্তালাপক সমূহত মাত্ৰ এক বিভৎস ৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছে এন. চি.বি.য়ে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com