সম্ভাব্য বানঃ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নতুন নীতি- নিৰ্দেশনা জাৰি

সম্ভাব্য বানঃ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নতুন নীতি- নিৰ্দেশনা জাৰি
Published on

সম্ভাব্য বানঃ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নতুন নীতি- নিৰ্দেশনা জাৰি

সমাগত বাৰিষাত সম্ভাব্য বান দুৰ্যোগৰে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই৷ বিশেষকৈ বাৰিষাৰ দিনকেইটাত ক'ৱিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এইবাৰ বানৰ মোকাবিলা কৰিবলৈ বান শিবিৰৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।

এই নীতি-নিৰ্দেশনা‌সমূহ ইতিমধ্যে জিলা শাখা আৰু এ এছ ডি এম এৰ সকলো কৰ্তৃপক্ষলৈ জাৰি কৰা হৈছে। জুনৰ পৰা আগষ্ট মাহলৈ হ'বলগীয়া বানৰ বাবে স্থাপন কৰিব লগা সকলো বান শিবিৰত প্ৰতিজন লোকৰ‌ মাজত দূৰত্ব থাকিব লাগিব ৩.৫ বৰ্গ মিটাৰ। প্ৰতিজন লোকৰ মাজত এক মিটাৰ ব্যৱধান ৰখাই ইয়াৰ উদ্দেশ্য।

শিবিৰৰ বাবে দিয়া নীতি-নিৰ্দেশনাসমূহত কোৱা হৈছে যে বান আক্ৰান্ত লোকসকলক সহায়ৰ বাবে আৰু স্বাস্থ্য পৰীক্ষাৰ সময়ত স্বাস্থ্য কৰ্মী সকলে পি পি ই পৰিধান কৰিব ।

উক্ত নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি বান‌পীড়িত অঞ্চলসমূহত পূৰ্বৰে পৰাই এম্বুলেন্স অথবা তেনে ধৰণা পৰিবহন ব্যৱস্হা থাকিব লাগিব। যদি কোনো লোকৰ কাহ, ছৰ্দি, জ্বৰ আদি হয় তেন্তে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ক'ৱিড-১৯ ৰ নিৰ্দেশনা অনুসৰি পৃথককৈ ৰখা হ'ব । সকলো শিবিৰতে হেল্প ডেস্ক থাকিব লাগিব ।

ক'ৱিড-১৯ ৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি তৈয়াৰ কৰা হৈছে এই নীতি-নিৰ্দেশনা সমূহ।

উল্লেখ্য যে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'ৰ'না মহামাৰীয়ে। বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছে ক'ৰ'না ভাইৰাছে। ভাৰতবৰ্ষত বিগত ১৪ দিনত বৃদ্ধি পালে ৫০,০০০ ক'ৰ'না ৰোগী ।

এই ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উল্লেখ্য যে বৰ্তমানে‌ অসমত ক'ৰ'না ৰোগীৰ সংখ্যা ১৫৭ জন । ইয়াৰে ৪১ ৰোগী সুস্থ হৈ উঠিছে যদিও আন ১১০ জন ৰোগী যুঁজি আছে ক'ৰ'নাৰ বিৰুদ্ধে। তদুপৰি এই মহামাৰীত ৰাজ্যত মৃত্যু হৈছে ৪ জন লোকৰ ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com