জল্পনা-কল্পনাৰ অৱসানঃ ২৫জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

অহা ২৫ জুনৰ পুৱা ৯ বজাত বেৱছাইটত ফলাফল ঘোষিত হ'ব।
জল্পনা-কল্পনাৰ অৱসানঃ ২৫জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
Published on

জল্পনা-কল্পনাৰ অৱসানঃ ২৫জুনত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা

অৱশেষত জল্পনা-কল্পনাৰ অৱসান ঘটিল। অহা ২৫জুনৰ পুৱা ৱেবছাইটত ঘোষিত হ'ব চলিত বৰ্ষৰ অসমৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। সংসদৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁইয়ে কয় যে ক'ৱিড-১৯ মহামাৰীয়ে জন্মোৱা ব্যাঘাতৰ মাজতে শিক্ষকসকলে অশেষ কষ্ট কৰি ফলাফল ঘোষণা সম্ভৱ কৰি তুলিছে। সংসদে প্ৰকাশ কৰা অনুসৰি অহা ২৫ জুনৰ পুৱা ৯ বজাত বেৱছাইটত ফলাফল ঘোষিত হ'ব। সংসদে এই কথা ঘোষণা কৰাৰ লগে লগে পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাবকসকলৰ মনত সৃষ্টি হৈ থকা জল্পনা-কল্পনাৰ অৱসান ঘটিছে।

নিম্নোক্ত ৱেবছাইটসমূহত এই পৰীক্ষাৰ ফলাফল পাবঃ

www.hsinfo.in www.ahsec.nic.in www.IndiaResults.com www.knowyourresult.com www.ExamResults.com www.results.shiksha www.exametc.com www.schools9.com www.jagranjosh.com www.resultsamarujala.com www.assamresult.in www.iResults.net www.EduAssam.com www.assam.shiksha www.assamjobalerts.com www.timesofindia.com www.assamonline.in www.school.gradeup.com 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com