যোৰহাটত ১৯বছৰীয়া ক'ৰ'না আক্ৰান্ত যুৱতীৰ মৃত্যু

যুৱতীগৰাকীয়ে এই মহামাৰীত প্ৰাণ হেৰুওৱাৰ লগে লগে আজিৰ দিনটোত ক'ৰ'নাত মৃতৰ সংখ্যা ৬জনলৈ বৃদ্ধি পায়।
যোৰহাটত ১৯বছৰীয়া ক'ৰ'না আক্ৰান্ত যুৱতীৰ মৃত্যু
Published on: 

আজিৰ দিনটোত ৰাজ্যত ছজন ক'ৰ'না আক্ৰান্তৰ মৃত্যু হয়। পুৱতি নিশা পাঁচজন লোকৰ মৃত্যু হোৱাৰ পাছত যোৰহাটত এগৰাকী ১৯ বছৰীয়া ক'ৰ'না আক্ৰান্ত যুৱতী মৃত্যুমুখত পৰে। প্ৰাপ্ত তথ্য অনুসৰি যোৰহাট মেডিকেল কলেজ হাস্পতালত মণিকা ভূমিজ নামৰ এগৰাকী ক'ৰ'না আক্ৰান্ত যুৱতীৰ মৃত্যু হয়। এই তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই কয় যে দুৰ্ভগীয়া যুৱতীগৰাকী উক্ত মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত চিকিত্সাধীন হৈ আছিল। তেওঁ নিমোনিয়া আৰু চেপছিছত আক্ৰান্ত আছিল। তেওঁক শিৱসাগৰৰ পৰা এই মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল। যুৱতীগৰাকীয়ে  এই মহামাৰীত প্ৰাণ হেৰুওৱাৰ লগে লগে আজিৰ দিনটোত ক'ৰ'নাত মৃতৰ সংখ্যা ৬জনলৈ বৃদ্ধি পায়। আনহাতে, মুঠ মৃতৰ সংখ্যা ২২জন হৈছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com