সুস্থ হ'লঃ ৰাজ্যত একেলগে ২৩১ ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

অসমত ক’ৰ’না ৰোগীৰ আৰোগ্যৰ হাৰ সম্প্ৰতি ৫৭শতাংলৈ বৃদ্ধি পাইছে ৷
সুস্থ হ'লঃ ৰাজ্যত একেলগে ২৩১ ক'ৰ'না আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীক লৈ আতংকিত জনতালৈ এক স্বস্তিৰ বতৰা ৷ অসমত সুস্থ হৈ ২৩১ ক'ৱিড-১৯মহামাৰী আক্ৰান্তই চিকিৎসালয়ৰ পৰা অব্যাহতি লৈছে ৷ কিছু সময় পূৰ্বে এই কথা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইটত কয় যে অসমত ক'ৰ'না ৰোগীৰ আৰোগ্যৰ হাৰ সম্প্ৰতি ৫৭শতাংলৈ বৃদ্ধি পাইছে ৷ অৱশ্যে ইয়াৰ সমান্তৰালভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাই আছে ৷ একেদৰে ক'ৰ'নাত মৃতৰ সংখ্যা ৮জন হৈছে ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই জনোৱা মতে, ৰাজ্যৰ বিভিন্ন জিলা চিকিৎসালয়, আদৰ্শ চিকিৎসালয় আদিৰ পৰা এইসকল আৰোগ্য ক'ৰ'না ৰোগীক ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ ইয়াৰ লগে লগে শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যা ৰাজ্যত ১, ৯৫২গৰাকীলৈ হ্ৰাস পাইছে ৷

আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশত ক'ৰ'না আক্ৰান্তৰ আৰোগ্যৰ হাৰ ৫২. ৮০শতাংশলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ঘণ্টাত দেশত ৬, ৯২২গৰাকী ক'ৰ'না ৰোগী সুস্থ হয় ।ইয়াকে ধৰি বৰ্তমানলৈ সমগ্ৰ দেশত এক লাখ ৮৬হেজাৰ ৯৩৪গৰাকী ৰোগী সুস্থ হৈছে ৷ আনহাতে, ১, ৫২, ২২৭গৰাকী ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে ৷ একে সময়তে ক'ৰ'না নমুনা পৰীক্ষাৰ চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা দেশত ৬৭৪টালৈ বৃদ্ধি পাইছে ।একেদৰে ব্যক্তিগত পৰীক্ষাগাৰৰ সংখ্যাও ২৫০টালৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com