সুখবৰঃ অসমত আৰু ৬৭ ক'ৱিড-১৯ আক্ৰান্তক চিকিত্সালয়ৰ পৰা অব্যাহতি

ফলত ৰাজ্যত এই মহামাৰী মুক্ত হোৱা লোকৰ সংখ্যা ৪০৪জনলৈ বৃদ্ধি পাইছে।
সুখবৰঃ অসমত আৰু ৬৭ ক'ৱিড-১৯ আক্ৰান্তক চিকিত্সালয়ৰ পৰা অব্যাহতি

সুখবৰঃ অসমত আৰু ৬৭ ক'ৱিড-১৯ আক্ৰান্তক চিকিত্সালয়ৰ পৰা অব্যাহতি

ক'ৱিড-১৯ মহামাৰীক লৈ আতংকিত জনতাৰ বাবে এক সুখবৰ! ৰাজ্যত আৰু ৬৭জন  ক'ৱিড-১৯ মহামাৰী আক্ৰান্ত সুস্থ হোৱাত চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। এই কথা সদৰী কৰি বুধবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ৬৭ ক'ৱিড-১৯ আক্ৰান্তৰ ৩৯জনক সোণাপুৰ অসামৰিক হাস্পতাল, ১০জনক ফকৰুদ্দিল আলী আহমেদ মেডিকেল কলেজ হাস্পতাল, ৭ জনক ডিমা হাছাও অসামৰিক হাস্পতাল, ৪জনক গুৱাহাটী মেডিকেল কলেজ হাস্পতাল এজনক গোলাঘাট অসামৰিক হাস্পতাল, এজনক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু ৩ জনক যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে। ফলত ৰাজ্যত এই মহামাৰী মুক্ত হোৱা লোকৰ সংখ্যা ৪০৪জনলৈ বৃদ্ধি পাইছে।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com