অসমঃ কৰিমগঞ্জত ৬৯০ গ্ৰাম হেৰোইন উদ্ধাৰ, ১ জনক আটক

কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জনোৱা মতে, উদ্ধাৰ হোৱা ড্ৰাগছখিনি এল পি জি চিলিণ্ডাৰৰ ভিতৰত লুকুৱাই ৰাখিছিল।
অসমঃ কৰিমগঞ্জত ৬৯০ গ্ৰাম হেৰোইন উদ্ধাৰ, ১ জনক আটক
Published on

গুৱাহাটীঃ অসমৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত দেওবাৰে কৰিমগঞ্জ আৰক্ষীয়ে এজন লোকক আটক কৰি ৬৯০ গ্ৰাম হেৰ'ইন জব্দ কৰে।

গোপন তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীৰ এটা দলে পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাবাৰীবন্দ গাঁৱত অভিযান চলাই এজন জমিল উদ্দিনৰ বুলি কোৱা ঘৰৰ পৰা ৬৯০ গ্ৰাম হেৰ'ইন থকা ৪৯ টা চাবোনৰ কেচ উদ্ধাৰ কৰে।

এজন লোকক আটক কৰা হৈছে যদিও ,আৰক্ষী অভিযানৰ সময়ত গৃহস্বত্বাধিকাৰী জমিল উদ্দিনে স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জনোৱা মতে, উদ্ধাৰ হোৱা ড্ৰাগছখিনি এল পি জি চিলিণ্ডাৰৰ ভিতৰত লুকুৱাই ৰাখিছিল।

জব্দ কৰা ড্ৰাগছৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।

ইফালে, ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে।

হোজাইতো কেইমাহমান পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ মাহত নগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ ডিমাপুৰৰ পৰা আহি থকা গুৱাহাটী অভিমুখী এখন ৰে'লৰ পৰা ৩ কোটি মূল্যৰ হেৰ'ইন জব্দ কৰা হৈছিল।

হোজাইৰ চুবুৰীয়া জিলা মৰিগাঁৱতো চলিত বৰ্ষৰ এপ্ৰিল মাহত একেধৰণৰ ড্ৰাগছ সম্পৰ্কীয় কাৰ্যকলাপৰ সাক্ষী হৈছিল যেতিয়া এখন ট্ৰাক আৰু এখন পিকআপ ভেনৰ পৰা ৪.৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছিল।

দক্ষিণ-পূব এছিয়াৰ পৰা অহা ড্ৰাগছবোৰ উত্তৰ-পূবৰ মাজেৰে ভাৰতৰ অন্য প্ৰান্তলৈ গতি কৰাৰ লগে লগে উত্তৰ-পূবে দেশৰ ড্ৰাগছ কৰিডৰ হোৱাৰ এক অতি বেয়া নাম লাভ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ড্ৰাগছমুক্ত ভৱিষ্যতৰ দিশে আগবাঢ়িছে অসম। কিছুদিন পূৰ্বে অসম বিধানসভাৰ চলি থকা শৰৎ অধিবেশনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিগত বছৰত অসম আৰক্ষীয়ে ৬৫৫ কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে সমগ্ৰ অসমতে ৪৭০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com