বাংগালুৰুত এয়াৰ হোষ্টেজ পৰিণীতা বৰাৰ আত্মহনন

স্বামী বিশালে নিশা ২ বজাত ধুমপান কৰিবলৈ ওলাই যায়। তাৰ পাছতে পৰিণীতাই চিলিঙত চিপজৰী লৈ আত্মহত্যা কৰে।
বাংগালুৰুত এয়াৰ হোষ্টেজ পৰিণীতা বৰাৰ আত্মহনন

বাংগালুৰুত বাস কৰা অসমৰ এগৰাকী এয়াৰ হোষ্টেজ(বিমান পৰিচাৰিকা)-এ আত্মহননৰ পথ বাছি ল'লে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা ১১আগষ্টত পৰিণীতা বৰা নামৰ ২৫ বছৰীয়া এয়াৰ হোষ্টেজগৰাকীয়ে নিজ বাসভৱনৰ চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰে। বৰাৰ প্ৰকৃত ঘৰ নগাঁৱত। এয়াৰ হোষ্টেজগৰাকীৰ আত্মহত্যাৰ কাৰণ পাৰিবাৰিক বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি ঘটনাৰ দিনা বৰাৰ স্বামী বিশালে নিশা ২ বজাত ধুমপান কৰিবলৈ ওলাই যায়। তাৰ পাছতে এটি এবছৰীয়া পুত্ৰ সন্তানৰ মাতৃ পৰিণীতাই চিলিঙত চিপজৰী লৈ আত্মহত্যা কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি এয়াৰ হোষ্টেজগৰাকীয়ে শোৱনি কোঠাতে চিপজৰী লয়। ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁলোকৰ এবছৰীয়া পুত্ৰও পিতৃ-মাতৃৰ সৈতে আছিল। পিছদিনা তেওঁলোকৰ ঘৰুৱা বনকৰা মহিলাগৰাকীয়ে বৰাক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে। আনহাতে, আৰক্ষীয়ে সাংবাদিকক জনোৱা মতে, স্বামীৰ সৈতে বিগত কিছুদিন ধৰি পৰিণীতাৰ কাজিয়া হৈ আছিল।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com