বজালী মহকুমাক জিলালৈ উন্নীতঃ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

যিসকল অবৈতনিক গ্ৰন্থগাৰিক আছে, তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ সিদ্ধান্ত গৃহীত হৈছে।
বজালী মহকুমাক জিলালৈ উন্নীতঃ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

জিলালৈ উন্নীত কৰা হৈছে বৰপেটা জিলাৰ বজালী মহকুমাক। সোমবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এখন বৈঠকত এই সিদ্ধান্ত গৃহীত হয়। কেবিনেট বৈঠকত লগতে আন কেইবাটাও সিদ্ধান্ত গৃহীত হয়। পাছত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সিদ্ধান্তসমূহৰ বিষয়ে সংবাদমাধ্যমৰ আগত জনায় ৷ ইয়াৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'লঃ

• যিসকল অবৈতনিক গ্ৰন্থগাৰিক আছে, তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধিৰ সিদ্ধান্ত গৃহীত হৈছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই গ্ৰন্থগাৰিকসকলৰ পাৰিতোষিক বৰ্তমানৰ ৯০০ টকাৰ পৰা ১২ হেজাৰ টকালৈ বৃদ্ধি কৰা হৈছে ৷ একেদৰে গ্ৰন্থগাৰিকসকলৰ সহায়কসকলে পোৱা ৫৫০টকাৰ পাৰিশ্ৰমিক ৯,৫০০ টকা লৈ বৃদ্ধি কৰা হৈছে ৷

• ব্যক্তিগত খণ্ডৰ স্কুলৰ মাছুল নিৰ্ধাৰণৰ বাবে কমিটী গঠনৰ সিদ্ধান্ত গৃহীত হয় ৷ এই কমিটীয়ে নিৰূপণ কৰিব মাছুল ৷

• অসম ভেট আইন অনুসৰি ভেট ৰিটাৰ্ণৰ সময় বৃদ্ধি কৰা হৈছে ৷

• পদপথৰ ব্যৱসায়ী আইনৰ মতে, জৰীপৰ ব্যৱসায় কৰাৰ স্থান নিৰূপণ কৰি দিব ৷ তাৰ বাবে জৰীপ কৰাৰ সিদ্ধান্ত ৷

• বাহিৰৰ পৰা অনা গৰু-ম'হ উন্নত প্ৰজাতি কৰাৰ বাবে ক্ৰছ বিৰ্ডিং কৰাৰ সিদ্ধান্ত ৷

• বজালী মহকুমাক পূৰ্ণাংগ জিলাৰূপে গঠনৰ অনুমোদন ৷ নতুনকৈ ১০জন বিষয়া নতুন জিলাত দিয়া হৈছে লগতে ৮৫ পদ সৃষ্টি কৰা হৈছে বজালীত ৷

আনহাতে, ৰাজ্যত নতুনকৈ ৬৮৮খন বাছ চলোৱাৰ সিদ্ধান্ত লোৱা হয় ৷ ইয়াৰে ৰাজ্যিক ৰাজধানী অঞ্চলত ২৩৩খন, কম দূৰত্বৰ বাবে ১৪৭খন, ৫০খন অন্যান্য চহৰৰ বাবে আৰু দীৰ্ঘ দূৰত্বৰ বাবে ২৩৮খন বাছ দিয়া হ'ব ৷ ASTCৰ অধীনত এই বাছসমূহ ব্যক্তিগতখণ্ডত চলিব পাঁচবছৰৰ বাবে ৷

• ইপিনে, ৰাজ্যৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এছ ডি আৰ এফৰ আন দুটা নতুন বেটেলিয়ন সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com