অসমত ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হব চি ই ই

অহা ১৫ ছেপ্টেম্বৰৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰৱেশপত্ৰ লাভ কৰিব।
অসমত ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হব চি ই ই

ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নামভৰ্তিৰ বাবে অহা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব সংযুক্ত প্ৰৱেশ পৰীক্ষা বা চি ই ই। উল্লেখ্য যে ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ সময় অনুসৰি চি ই ই অনুষ্ঠিত নহ'ল। আজি অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে কৰা ঘোষণা অনুসৰি অহা ১৫ ছেপ্টেম্বৰৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰৱেশপত্ৰ লাভ কৰিব। ২০ ছেপ্টেম্বৰৰ দিনৰ ১১বজাৰ পৰা ২ বজালৈ পৰীক্ষা অনুষ্ঠিত হব। ইয়াৰ ফলাফল ৩০ ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা কৰা হব। উল্লেখ্য যে সাধাৰণতে চি ই ই প্ৰতিবছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হয়। এইবাৰ ক'ৰ'না মহামাৰীৰ বাবে পৰীক্ষা পিছুৱাব লগা হয়।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com